TOP NEWS

6/recent/ticker-posts

Header Ads Widget

শিমলুগুৰিত পোষণ পঞ্চায়ত আৰু ৰন্ধন বিধি প্ৰদৰ্শনী অনুষ্ঠান

ষ্টাৰ্ফ ৰিপ'ৰ্টাৰ, নাজিৰা ২৩ ছেপ্টেম্বৰ :নাজিৰা মহকুমা অন্তৰ্গত শিমলুগুৰি নাট্য মন্দিৰত নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত পোষণ মাহ উপলক্ষ্যে "পোষণ পঞ্চায়ত","সবল নাৰী, সাক্ষৰ শিশু, সুস্থ ভাৰত" শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। আজিৰ সভাখনৰ শুভাৰম্ভ কৰা হয় এটি সজাগতামূলক বিহু সুৰীয়া গীতেৰে । অৱসৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া দিপালী স্বৰ্গীয়াৰিয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত উদেশ্য ব্যাখ্যা কৰে শিশু উন্নয়ন প্ৰকল্প বিষয়া তৰুণ কুৰ্মীয়ে। তদুপৰি পুতলা নাচ প্ৰদৰ্শন কৰে জোকতলি চক্ৰৰ অঙ্গনৱাড়ী কৰ্মীসকলে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অঙ্গনৱাড়ী কৰ্মীসকলৰ মাজত পুষ্টিৰ অবিহনে জীৱন বিফল, "পুষ্টি স্বাস্থ্য সম্পদ" শীৰ্ষক ৰন্ধন বিধিৰ প্ৰতিযোগিতা তথা প্ৰদৰ্শনী আয়োজন কৰা হয়। পুষ্টিকৰ খাদ্যৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমে চৰাইদেউ চক্ৰ, জোকতলি চক্ৰ আৰু ৰজাভেতা চক্ৰৰ বিপৰীতে উদগনি মূলক বঁটা লাভ কৰে শিমলুগুৰি চক্ৰৰ অঙ্গনৱাড়ী কৰ্মীসকলে। ক্ষেত্ৰ পৰ্য্যৱেক্ষিকা নীলাক্ষি বৰুৱাই আঁত ধৰা অনুষ্ঠানত বৰষুণৰ পানীৰ সংৰক্ষণৰ বিষয়ে বক্তব্য আগবঢ়াই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কণিষ্ঠ অভিযন্তা পৰাগ বৰদলৈ। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়া, অৱসৰপ্ৰাপ্ত ক্ষেত্ৰপৰ্য্যৱেক্ষিকা জিনু বৰগোহাঁই , শিমলুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী প্ৰমিলা বৰা, নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰপৰ্যৱেক্ষিকা সকল তথা পোষণৰ খণ্ড সমন্নয়ক আৰু সহ সমন্বয়ক। উল্লেখ্য যে ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ অভিযান অহা ৩০ ছেপ্টেম্বৰত সমাপ্ত হ'ব।

Post a Comment

0 Comments