TOP NEWS

6/recent/ticker-posts

Header Ads Widget

দুৰ্গা পূজালৈ ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীক চলিত মাহৰ দৰমহা প্ৰদানৰ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমাগত দুৰ্গা পূজালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ চলিত মাহৰ দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিছে৷ উল্লেখ্য যে চলিত বৰ্ষৰ শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অহা ২ অক্টোবৰৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব৷ ইয়াৰ পৰিপ্ৰেক্ষিততে পূজা উদ্‌যাপনত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ দৰমহা অহা ২৯ ছেপ্টেম্বৰৰ পৰা মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলৰ নিজ কৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু উৎসৰ্গিত মনোভাৱৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ প্ৰতি ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতাৰ প্ৰকাশ হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

Post a Comment

0 Comments