TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ছাত্ৰীক নিৰ্যাতনৰ অভিযোগত আটক শিক্ষক দিগন্ত আৰন্ধৰা

ষ্টাফ ৰিপ'ৰ্টাৰ, নাজিৰা, ২ ছেপ্টেম্বৰ : নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাই এগৰাকী ছাত্ৰীক অশ্লীল ইংগিত দি নিৰ্যাতন চলাই অহাৰ অভিযোগত দিগন্ত আৰন্ধৰা নামৰ এজন শিক্ষকক আটক কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি নাজিৰাৰ লক্ষ্মীজান চাহ বাগিছাৰ সপ্ত শিক্ষা মধ্য ইংৰাজী বিদ্যালয়ৰ এজন শিক্ষক দিগন্ত আৰন্ধৰাই বিদ্যালয়খনৰে এগৰাকী ছাত্ৰীক বহুদিন ধৰি বিভিন্ন ধৰণে অশ্লীল ইংগিত মানসিক ভাৱে নিৰ্যাটন চলাই আহিছিল । এই শিক্ষক জনৰ বিৰুদ্ধে কেইবাগৰাকী ছাত্ৰীয়ে শ্ৰেণী কোঠাৰ ভিতৰতে বিভিন্ন অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন কৰিছে । অৱশেষত আজি মায়া পানিকা নামৰ এগৰাকী মহিলাই গেলেকী আৰক্ষী থানাত দিগন্ত আৰন্ধৰা নামৰ শিক্ষক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।সেই এজাহাৰৰ ভিত্তিতেই গেলেকী আৰক্ষীয়ে শিক্ষক দিগন্ত আৰন্ধৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আটক কৰিছে । এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Post a Comment

0 Comments