TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আশা বিশ্ৰাম কক্ষ মুকলি

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, 3 চেপ্টেম্বৰ: লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য) গীতালী দুৱৰাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ মাতৃ আৰু শিশু চিকিৎসালয়ত কালি আশাকৰ্মী সকলৰ বাবে আশা সহায়তা কেন্দ্ৰ আৰু নিকটৱৰ্তী স্থানত আশা বিশ্ৰাম কক্ষ মুকলি কৰে । লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা সংহতি সংহতি সংগঠক (ডিচিএম) মঞ্জুল আলি হাজৰিকাই এই সম্পৰ্কে মন্তব্য কৰি কয় যে আশাকৰ্মী সকলে প্ৰসূতি মাতৃ আৰু নৱজাতক শিশুৰ সুৰক্ষাৰ বাবে দিনক ৰাতি কৰি কষ্ট কৰি আহিছে । আশাকৰ্মী সকলৰ সুবিধাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত আশা সহায়তা কেন্দ্ৰ আৰু নিকটৱৰ্তী স্থানত আশা বিশ্ৰাম কক্ষ মুকলি কৰা হৈছে । যেতিয়া আশাকৰ্মী সকলে চিকিৎসালয়ত প্ৰসূতি মাতৃক ভৰ্তি কৰিব তেতিয়া উক্ত বিশ্ৰাম কেন্দ্ৰত জিৰণি লব পাৰিব লগতে প্ৰয়োজন অনুসৰি নিশা থকাৰ ব্যৱস্থাৰ বাবে গৃহতি উদ্বোধন কৰা হৈছে । লখিমপুৰ জিলা আশা সন্থাৰ সভাপতি লিলি কলিতাই স্বাস্থ্য বিভাগৰ এই পদক্ষেপৰ বাবে স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ গুনীন গগৈ, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ-অধীক্ষক ডাক্তৰ নিখিল কাকতি, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া (জনস্বাস্থ্য) ডাক্তৰ ধীৰেন শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰ জিলাৰ জিলা আঁচনি প্ৰবন্ধক দেবাংগ বিকাশ গগৈ , বি চি এম, স্বাস্থ্যকর্মী তথা আশাকৰ্মী সকল ।

Post a Comment

0 Comments