TOP NEWS

6/recent/ticker-posts

Header Ads Widget

অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত পুনৰ প্ৰতাৰণা: কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ১৫ ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ১৪ ছেপ্তেম্বৰত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে হিমাচল প্ৰদেশৰ হাট্ৰি সম্প্ৰদায়, তামিলনাডুৰ নাৰিক'ৰাভন-কুৰিভিক্কাৰণ সম্প্ৰদায়, উত্তৰ প্ৰদেশৰ গোণ্ড সম্প্ৰদায়ৰ পাঁচ উপ-সম্প্ৰদায় ক্ৰমে ধুৰীয়া, নায়ক, ওজা, পাথাৰি আৰু ৰাজগোণ্ড, কৰ্ণাটকৰ বেটা-কুৰুপ আৰু ছত্তীশগড়ৰ কেইটিমান সম্প্ৰাদায়কে ধৰি সৰ্বমুঠ ৫ ৰাজ্যৰ ১৫ টা সম্প্ৰদায়ক জনজাতিৰ মৰ্যদা দি অসমৰ ভূমিপুত্ৰ কোচ- ৰাজবংশী জনগোষ্ঠী, আহোম, চুতীয়া, মৰাণ, মটক, ছাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক পুনৰবাৰ প্ৰতাৰণা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে কোচ- ৰাজবংশী সংগ্ৰাম সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কোচ -ৰাজবংশী সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই উল্লেখ কৰে যে-"১৯৯৬ চনৰ ২৭ জানুৱাৰীত প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাও নেতৃত্বাধীন চৰকাৰে অধিসূচনা জাৰি কৰি কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰি পৰৱৰ্তী সময়ত তিনিবাৰকৈ নবীকৰণ কৰি মূৰকত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে সংসদত বিধেয়ক উত্থাপন নকৰি প্ৰতাৰণাৰে জনগোষ্ঠীটোক চৰম বিশ্বাসঘাটকতা কৰিলে। ১৯৯৭ চনত কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীটোক জনজাতি তালিকাভূক্ত কৰিব পাৰি নে নোৱাৰি তাক অধ্যয়ন কৰিবলৈ এখন সমিতি গঠন কৰি দিছিল। উক্ত কমিটিয়ে ১৯৯৭ চনৰ ১৪ আগষ্টত কোচ- ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ সকলো বৈশিষ্ট থকা বুলি প্ৰতিবেদন দাখিল কৰিছিল। প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰ শাসনত থকা সময়ত কোচ-ৰাজবংশী সকলৰ জনজাতি কৰণৰ সকলো বিধি- ব্যৱস্থা সম্পন্ন হৈছিল। ২০০২ চনৰ ১৮ ডিচেম্বৰত এন ডি এ চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে সংসদৰ মজিয়াত ঘোষণা কৰিছিল যে-কোচ- ৰাজবংশী সকলৰ জনজাতিৰ মৰ্যদা দিয়াৰ সকলো বিধি- ব্যৱস্থা সম্পূৰ্ণ হৈছে। কিন্তু কেবিনেট অনুমোদন নোহোৱাৰ বাবে তালিকাৰ পৰা বাদ পৰিছে। পৰৱৰ্তী চৰকাৰে পোনে-পোনেই জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব পাৰিব। পিছৰ সময়ত ইউ পি এ চৰকাৰে বিষয়টোত কোনো গুৰুত্বই নিদিলে। কংগ্ৰেছৰ দৰেই বিজেপি দলৰ চৰকাৰেও ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনী ইস্তাহাৰত কোচ- ৰাজবংশী সকলক জনজাতিকৰণৰ লিখিত প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰাৰ পাছত জনজাতিকৰণ নকৰিলে। ২০১৬ চনত বিধানসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে জনগোষ্ঠীটোক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাগজৰী হাতত লৈ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ সমিটিহে গঠন কৰিলে। কিন্তু কেন্দ্ৰক প্ৰতিবেদন দাখিল নকৰি ভোট বেংঙ্ক সুৰক্ষিত কৰি ৰখাৰ কৌশল অৱলম্বনেৰে ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেৱল মাত্ৰ চাৰিখন জিলাক সামৰি কোচ- ৰাজবংশী সকলৰ অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাষিত পৰিষদ গঠন আৰু কেইখনমান জিলাৰহে সদস্যৰে কোচ- ৰাজবংশী উন্নয়ন পৰিষদ পুনৰ গঠন কৰি জনজাতিকৰণৰ সুপৰিকল্পিতভাৱে ওলমাই ৰাখিলে। যোৱা ১৪ ছেপ্তেম্বৰত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু তামিলনাডু আদি ৫ ৰাজ্যৰ ১৫ টা সম্প্ৰদায়ক জনজাতিৰ মৰ্যদা দি অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক পুনৰবাৰ প্ৰতাৰণাৰে চৰম বিশ্বাসঘাটকতা কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংঙ্গটো ৰাজনৈতিক চতুৰালিৰে জনজাতিকৰণৰ সমগ্ৰ বিষয়টো অনন্ত কাললৈ পিছুৱাই থকা কাৰ্য নিশ্চিতভাৱেই উদ্বেগজনক ।" কোচ- ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই অসমক অবৈধ বাংলাদেশীৰ কৱলৰ পৰা মুক্ত কৰিবলৈ, অৱৈধ নাগৰিকক ৰাজনৈতিকভাৱে নি:শেষ কৰিবলৈ, অসমৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে কোচ-ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ তথা ন্যাৰ্য প্ৰাপ্য মৰ্যদা প্ৰদানৰ দাবী জনায়। অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি ষ্পষ্ট কৰি দিয়ে।

Post a Comment

0 Comments