TOP NEWS

6/recent/ticker-posts

Header Ads Widget

অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশাল নাগৰিক সভা

ষ্টাফ ৰিপৰ্টাৰ, শদিয়া ১২ ছেপ্তেম্বৰ : শদিয়া মহকুমাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্হিত অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এখন বিশাল নাগৰিক সভা অনুষ্ঠিত হয়৷নানান জাতি-জনগোষ্ঠীৰ লোকেৰে পৰিপূৰ্ণ সীমান্তৱৰ্তী বৃহত্তৰ অম্বিকাপুৰ অঞ্চলৰ উচ্চ মাধ্যমিক শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান উক্ত বিদ্যালয়খনিৰ প্ৰাদেশিকীকৰণ বিষয়টোৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা বিশাল নাগৰিক সভাখনিত পৌৰহিত্য কৰে অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি কাশীনাথ শৰ্মাই আৰু আদৰণি ভাষণ লগতে উদ্দেশ্য ব্যাখ্যা আগবঢ়াই শিক্ষানুষ্ঠানখনিৰ প্ৰধান শিক্ষক তাৰামাণ লিম্বুৱে৷প্ৰাপ্ত খবৰ অনুসৰি,বিংশ শতিকাৰ ৮০ৰ দশকত শদিয়াত হোৱা বানপানী আৰু অন্যান্য প্ৰাকৃতিক দূৰ্যোগত গাঁও ভাঙি স্হানীয় একাংশ ৰাইজে অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া অম্বিকাপুৰত নতুনকৈ বসতি স্হাপন কৰিছিল৷প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা সেই ৰাইজে গাঁথিৰ ধন ভাঙি ১৯৯১ চনৰ ৩ জানুৱাৰীত অম্বিকাপুৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷প্ৰতিষ্ঠা কালৰ পৰাই শিক্ষানুষ্ঠানখনত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰি আহিছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাটো প্ৰতিবছৰে বিদ্যালয়খনৰ সন্তোষজনক ফলাফল হোৱাৰ পিছতো আজিলৈকে প্ৰাদেশিকীকৰণ নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে স্হানীয় ৰাইজে৷প্ৰণিধানযোগ্য যে বৰ্তমানেও বিদ্যালয়খনত প্ৰায় চাৰি শতাধিক শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰাৰ বিপৰীতে সাত গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু দুগৰাকী কৰ্মচাৰী আছে৷ শদিয়াৰ পূৱ প্ৰান্তৰ হলৌগাঁও,চূণপোৰা,অম্বিকাপুৰ গাঁও পঞ্চায়তৰ প্ৰায় চল্লিশ খনৰো অধিক গাঁৱৰ প্ৰায় ২৫-৩০ সহস্ৰাধিক দুখীয়া ৰাইজৰ ল’ৰা-ছোৱালীৰ উচ্চ মাধ্যমিক শিক্ষাৰ চাহিদা এই শিক্ষানুষ্ঠানখনে বৰ্তমানেও পূৰণ কৰি আহিছে৷জানিব পৰা মতে,২০০৫চনৰ ১০মাৰ্চত বিদ্যালয়খনে অষ্টম শ্ৰেণী খোলাৰ বাবে চৰকাৰী অনুমতি পোৱাৰ বিপৰীতে নৱম শ্ৰেণীৰ বাবে ২০০৬চনৰ ১জানুৱাৰীত এফেক্ট ডেট আৰু একেটা বছৰতে ১৬ ডিছেম্বৰত ইচ্যু ডেট লাভ কৰিছিল৷তাৰ পৰৱৰ্তী সময়ত দশম শ্ৰেণীৰ স্বীকৃতিৰ বাবে ২০০৮ চনৰ ১জানুৱাৰীত এফেক্ট ডেট আৰু ২০০৯চনৰ ৭নৱেম্বৰত ইচ্যু ডেট লাভ কৰিছিল৷ বিদ্যালয় প্ৰাদেশিকীকৰণৰ চৰকাৰী শেহতীয়া নিয়ম-নীতি অনুসৰি এই শিক্ষানুষ্ঠানখনৰ সকলোধৰণৰ যোগ্যতা থকাৰ চৰ্তেও কেৱল মাত্ৰ ইচ্যু ডেটৰ সমস্যাৰ কাৰণে অসম চৰকাৰে বা ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়খনৰ আজিলৈকে প্ৰাদেশিকীকৰণ নকৰিলে৷তদুপৰি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়খনৰ এনে বাধা দূৰ কৰি নিয়ম-নীতি সমূহ সংশোধন কৰি প্ৰাদেশিকীকৰণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি তেনে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজ তথা বিদ্যালয়ৰ পৰিয়ালে৷উল্লেখ্য যে এই বিদ্যালয়খনৰ ওচৰে-পাজৰে প্ৰায় ১০-১২ কিলোমিটাৰ পৰ্যন্ত কোনোধৰণৰ প্ৰাদেশীকৃত উচ্চ মাধ্যমিক শিক্ষানুষ্ঠান নাই৷তৎ চৰ্তেও বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ নোহোৱাত আজি অনুষ্ঠিত নাগৰিক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সংশ্লিষ্ট কতৃপক্ষলৈ শদিয়াৰ মহকুমাধিপতি(অ)ৰ জৰিয়তে এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷আজি অনুষ্ঠিত হোৱা নাগৰিক সভাত শিক্ষানুষ্ঠানখনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যজ্ঞৰাম বৰা,অম্বিকাপুৰ গাঁও পঞ্চায়তৰ সভাপতি ধন বাহাদুৰ ছেত্ৰী,অম্বিকাপুৰৰ চৰকাৰী গাঁও প্ৰধান টেগ বাহাদুৰ লিম্বু,অম্বিকাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোদ যোশী,অম্বিকাপুৰ শিক্ষা মণ্ডলৰ সমন্বয়ক কেশৱ শৰ্মাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও সচেতন ব্যক্তি আৰু কেইবাশতাধিক অভিভাৱক উপস্থিত থাকে৷

Post a Comment

0 Comments