TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বাৰ কাউন্সিলৰ হীৰক জয়ন্তী অনুষ্ঠান তথা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ সংগ্ৰহালয় উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১০ ছেপ্টেম্বৰ:‘বেদ উপনিষদ আৰু অন্যান্য ধৰ্মীয় গ্ৰন্থৰ পৰা উদ্ভৱ হোৱা আইন আমাৰ দেশৰ ন্যায় ব্যৱস্থাৰ এখন উৰ্বৰ ক্ষেত্ৰ আছিল৷ আমাৰ দেশৰ ন্যায়পালিকাই আমাৰ গণতন্ত্ৰক এক সুদৃঢ় ভেটি দিছে৷ আমাৰ দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষক হিচাপে ন্যায়পালিকাই সদায়ে আইনৰ শাসন ৰক্ষা কৰাত আৰু আমাৰ গণতন্ত্ৰৰ চাৰিটা স্তমভৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত মূল ভূমিকা পালন কৰি আহিছে৷ ’- আজি মহানগৰীৰ প্ৰাগজ্যোতি আই টি এ মাছখোৱাত আয়োজিত অসম, নগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাই আমাৰ সভ্যতাৰ বিভিন্ন যুগৰ স্বাক্ষৰ বহন কৰে, যি বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতাৰ ভিতৰত অন্যতম৷ ধৰ্মীয় নিৰ্দেশনা আৰু দাৰ্শনিক বক্তৃতাৰ ক্ষেত্ৰত আমাৰ দেশৰ আইনৰ এক গৌৰৱময় ইতিহাস আছে৷ অনাদি কালৰে পৰা আমাৰ দেশত ন্যায় প্ৰশাসনৰ এক সুবিকশিত ব্যৱস্থা আছিল৷ প্ৰাচীন ভাৰতীয় আইন ধৰ্মৰ নীতি বা ন্যায়ৰ ওপৰত আধাৰিত আছিল৷ , য’ত প্ৰাকৃতিক ন্যায়ৰ নীতিৰ কথা কোৱা হৈছিল৷ সেই একেটা নীতিয়ে আজিও আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাক শাসন কৰি আহিছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি আমাৰ ন্যায়পালিকাই কেৱল আইনী ব্যৱস্থাটোৰ বংশবৃক্ষ সৃষ্টি কৰাই নহয়, ইয়াৰ উচ্ছ মানদণ্ড আৰু উচ্ছতম আদৰ্শৰ বাবে বিশ্বজুৰি অনন্য সুখ্যাতিও লাভ কৰিছে৷ তেওঁ কয় যে আমাৰ আদালতে দিয়া বহুতো উল্লেখনীয় ৰায়দানে আমাৰ আইনী আৰু সাংবিধানিক পৰিকাঠামোক শক্তিশালী কৰি তুলিছে৷ ন্যায়াধীশ আৰু অধিবক্তাসকলৰ বৌদ্ধিক জ্ঞান আৰু আইনী বুদ্ধিমত্তাই আমাৰ ন্যায়পালিকাক এক বিৰল বৌদ্ধিক গভীৰতা, সজীৱতা প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰীয়ে নতুন প্ৰজন্মৰ অধিবক্তাসকলক দেশৰ আইনী ব্যৱস্থাক অধিক জনমুখী কৰি তুলিবলৈ চিন্তা আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে নিম্ন আদালতত ১০০টা পদ সৃষ্টি কৰিব৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ন্যায় ব্যৱস্থাটোৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে জ্ঝ হাজাৰ কোটি টকাৰ অনুমোদন জনাইছে৷ অসমে ইয়াৰ পৰা তিনিশ কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত আৰু ৩০০ কোটি টকা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ওকালতিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অধিবক্তাসকলক সামাজিক সুৰক্ষা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে আঁচনি গ্ৰহণৰ চিন্তা-চৰ্চা কৰিব৷ আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু, উচ্ছতম ন্যায়ালৰ ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ হৃষিকেশ ৰায়, ন্যায়াধীশ সুধাংশু ধুলীয়া, গুৱাহাটী উচ্ছ ন্যায়ালৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়া, ছত্তিশগড় উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামী, তেলেংগানা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল কুমাৰ ভূঞা, চলিছিটৰ জেনেৰেল তুষাৰ মেহতা, ভাৰতৰ বাৰ কাউন্সিলৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা মানন কুমাৰ মিশ্ৰ, অসম, নগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিম বাৰ কাউন্সিলৰ সভাপতি গজানন্দ চাহেৱালা, ভাৰতৰ বাৰ কাউন্সিলৰ উপ-সভাপতি এছ প্ৰভাকৰণ, ভাৰতৰ বাৰ কাউন্সিলৰ কাৰ্যকৰী সমিতিৰ সভাপতি অপূৰ্ব কুমাৰ শৰ্মা প্ৰমুখ্যে ন্যায়াধীশ, প্ৰাক্তন ন্যায়াধীশজ্যেষ্ঠ অধিবক্তা, আইনৰ ছাত্ৰ-ছাত্ৰী তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে উচ্ছ ন্যায়ালয়ৰ পুৰণি ব্লকত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানতো অংশ গ্ৰহণ কৰে৷

Post a Comment

0 Comments