TOP NEWS

6/recent/ticker-posts

Header Ads Widget

অসম গোর্খা সন্মিলন, ধেমাজি জিলা সমিতিৰ উদ্যোগত বলিদান দিৱস পালন

ষ্টাফ ৰিপ'ৰ্টাৰ, ধেমাজি, ২৫ আগষ্টঃ অসমৰ গোৰ্খা সকলৰ অভিভাৱক সংগঠন অসম গোর্খা সন্মিলন, ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাই টাউন ক্লাবৰ প্ৰেক্ষাগৃহত স্বতন্ত্রতা সেনানী, আজাদ হিন্দ ফৌজৰ প্ৰথম ছহীদ মেজৰ দুৰ্গা মল্লৰ পূন্য তিথি উপলক্ষ্যে বলিদান দিৱস পালন কৰা হয়। সন্মিলনৰ জিলা সমিতিৰ সভাপতি বিষ্ণুলাল প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ পূৰ্বে পতাকা উত্তোলন আৰু ছহীদ দুৰ্গা মল্লৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰা হয়। কার্য্যক্রমত অসম গোর্খা সন্মিলনৰ সদ্য নির্বাচিত কেন্দ্রীয় নেতৃত্ববৃন্দক সম্বর্ধনাও জনোৱা হয়। জিলা সমিতিৰ সাধাৰণ সম্পাদক পার্থ ছেত্রীয়ে আঁত ধৰা কাৰ্য্যক্ৰমত উপস্থিত থাকি অসম গোর্খা সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণ ভুজেলে স্বতন্ত্রতা সেনানী দুর্গা মল্লৰ জীৱনীৰ বিষয়ে আলোকপাত কৰে। উল্লেখ্য যে, ১৯১৩ চনৰ ১ জুলাই তাৰিখে বৰ্তমানৰ উত্তৰাখণ্ড ৰাজ্যৰ দেহৰাদুনৰ ডোইবালা গাওঁত জন্মগ্ৰহণ কৰা দুৰ্গা মল্লই শৈশৱৰ পৰাই বৃটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোনত জপিয়াই পৰিছিল। নেতাজী সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন হোৱা আজাদ হিন্দ ফৌজৰ মুখ্য সেনাপতিৰূপে দুর্গা মল্লই সমগ্ৰ ভাৰতবৰ্ষত ঘুৰি আজাদ হিন্দ ফৌজৰ কাম-কাজ বিস্তাৰ কৰিছিল। ফলত ১৯৪৪ চনৰ ২৭ মাৰ্চ তাৰিখে দুৰ্গা মল্ল কোহিমাৰ উখকল গাওঁত বৃটিছ সেনাৰ হাতত গ্ৰেপ্তাৰ হয়। তাৰ পিছত তেখেতক দিল্লীৰ লালকিল্লাত লৈ যোৱা হয়। তেখেতক সৈমান কৰাবলৈ পত্নীৰ দ্বাৰাও অনুৰোধ জনোৱা হৈছিল কিন্তু মল্লই দেশৰ হকে যুঁজিবলৈ মৰিবলৈও প্ৰস্তুত বুলি ঘোষণা কৰে। ১৯৪৪ চনৰ ২৫ আগষ্ট তাৰিখে দুর্গা মল্লক ফাঁচী দিয়া হয়। উক্ত দিনত গোর্খা সকলে বলিদান দিৱসৰূপে পালন কৰি ছহীদক স্মৰণ কৰি আহিছে ৷ আজিৰ এই কাৰ্য্যক্ৰমত অসম গোর্খা সন্মিলনৰ উপসভাপতি ছৱিলাল শর্মা, সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্রী, সঞ্জীৱ দাহাল, দীপা ছেত্রী, সম্পাদক গিতাঞ্জলী শর্মা, গিৰীন্দ্ৰ দাহাল, মিচিং অটোনোমাচ কাউঞ্চলিৰ কাৰ্য্যবাহী সদস্য ৰাজু মেদক, টিএমপিকে প্রাক্তন সভাপতি তথা মিচিং অটোনোমাচ কাউঞ্চিলৰ কাৰ্য্যবাহী সদস্য নরেশ কুম্বাং, টিএমপিকে সভাপতি ৰাজকুমাৰ মৰাং, গোর্খা উন্নয়ন পৰিষদৰ সদস্য ৰাজু তামাংৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে।

Post a Comment

0 Comments