TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা সজাগতা কাৰ্যসূচী

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ২ আগষ্টঃ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত আজাদি কা অমৃত মহোৎসৱৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ প্ৰাক্ মূহুত্বত আহ্বান জনোৱা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু পদ্মীনী গ্ৰাম্য সংগঠনৰ সহযোগত বিহপুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত হমৰাত এক সজাগতা সভা আৰু সমদল উলিয়াও হয়।উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমাজ সেৱক ৰূপমজ্যোতি চেতিয়া, উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক গোবিন্দ কলিতা, জিণ্টু গগৈ, জীৱিকা সখী মধুস্মীতা দেউৰী, পদ্মীনী গ্ৰাম্য সংগঠনৰ অন্তৰ্গত বিভিন্ন গোটসমূহৰ পৰা অহা সভানেত্ৰী-সম্পাদিকা আৰু গোটসমূহৰ শতাধিক সদস্যাই ।ইয়াৰ সমান্তৰালভাৱে লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱকৰ উদ্যোগত বগীনদী উন্নয়ন খণ্ড, বিহপুৰীয়া উন্নয়ন খণ্ড আৰু নাওবৈচা উন্নয়ন খণ্ডৰ অন্তৰ্গত অৰ্ধশতাধিক যুৱক সংঘ আৰু মহিলা সমিতিৰ উন্নয়ন অভিযান কাৰ্যসূচীও অনুষ্ঠিত হয় ।

Post a Comment

0 Comments