TOP NEWS

6/recent/ticker-posts

Header Ads Widget

কামৰূপ (ম) জিলাৰ অৰুনোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণৰ প্ৰশিক্ষণ কাৰ্যসূচী

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২ আগষ্ট: “অৰুণোদয় আঁচনি হয়তো দেশৰ ভিতৰতে বৃহৎ ডি বি টি (ডাইৰেক্ট বেঙ্ক ট্ৰেঞ্চফাৰ) আঁচনি। ২০২২ চনৰ তেতিয়াৰ বিত্ত মন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা দেৱে দৰিদ্ৰ লোকৰ সহায়ৰ বাবে প্ৰায় ২০ লাখ হিতাধিকাৰীক সামৰি আৰম্ভ কৰা এই আঁচনিৰ হিতাধিকাৰীসকলৰ এটা ‘ডাটাবেছ’ প্ৰস্তুত কৰিব পাৰিলে, পৰৱৰ্তী সময়ত চৰকাৰৰ যি কোনো আঁচনিৰ বাবে ডাঙৰ সহায় হ’ব। মুখ্যমন্ত্ৰী মহোদয়ৰ বিশ্বাস যে এই কাম তোমালোকে পাৰিবা। কাৰণ তোমালোকৰ সপোন আছে , দেশৰ ভৱিষ্যত তোমালোকৰ হাততে আছে”- এই বক্তব্য অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ। জিলাখনৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰিক্ষণৰ বাবে প্ৰশাসনক সহায় কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি অহা এন চি চি, হিন্দুস্তান স্কাউট এণ্ড গাইডৰ সদস্য তথা কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশিক্ষণৰ বাবে খানাপাৰাস্থিত অসম পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা এক প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ছাত্ৰ-ছাত্ৰী তথা এন চি চি, এন এচ এচ আদিৰ স্বেচ্ছাসেৱীসকলৰ বাবে অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ শুদ্ধ পৰীক্ষণৰ বাবে শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে কয় যে “মুখ্যমন্ত্ৰীয়ে এনে কিছুমান কাম কৰিবলৈ বিচাৰিছে যিবোৰ জাতিৰ ৰক্ষা কৱচ হয়, যাৰ দ্বাৰা আমাৰ ভৱিষ্যত সুৰক্ষিত হ’ব। মুখ্যমন্ত্ৰীয়ে অসমখনক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান দিবলৈ সকলো উচ্চ পৰিকল্পনাই কৰিছে।” উল্লেখযোগ্য যে অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰীক্ষণৰ বাবে গঠন কৰা এই স্বেচ্ছাসেৱী দল সমূহৰ প্ৰতিটো দল ৱাৰ্ড আৰু পঞ্চায়তত এজন চুপাৰভাইজাৰৰ নিয়ন্ত্ৰণত থাকিব। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত সুকণ্যা বৰা, উপায়ুক্তৰ কাৰ্যালয়ৰ উন্নয়ন শাখা আৰু এন আই চিৰ বিষয়া-বৰ্গ সকলে পূৰ্ণ সহযোগ আগবঢ়োৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মানস প্ৰতিম মহন্ত আৰু মুকুল বৰ্মনে। উল্লেখযোগ্য যে জিলাখনত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হল ৫৪,৪১৭।

Post a Comment

0 Comments