TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চিলনীবাৰীত প্ৰসূতি মাতৃ আৰু শিশুৰ বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ২৫ আগষ্ট: লখিমপুৰ জিলাৰ নাওবৈচা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত চিলনীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰসূতি মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ প্ৰতি বিশেষ লক্ষ্য আগত ৰাখি আজি বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰা হয় । লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য) গীতালি দুৱৰাই দ্বাৰ মুকলি কৰা স্বাস্থ্য মেলাত শতাধিক লোকক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয় । সজাগতা সভাত গীতালি দুৱৰাই নিজৰ ভাষণত কয় যে লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগে জিলাখনত প্ৰসূতি মাতৃ আৰু নৱজাতক শিশুৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে যিমান সম্ভৱ সেয়া কৰিবলৈ চেষ্টা কৰি আহিছে । প্ৰসূতি মাতৃৰ সুৰক্ষাৰ বাবে লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগে এই বছৰৰ ২৪ এপ্ৰিল তাৰিখৰ পৰা মিছন জ্যোতিষ্মান বুলি এটা বিশেষ অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ জৰিয়তে জিলাখনৰ প্ৰচলিত স্বাস্থ্য সেৱাৰ গতি, মানদণ্ড আৰু ধাৰাক উন্নীত আৰু ফলপ্ৰসূ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে । তদুপৰি শেহতীয়াকৈ বাল্য বিবাহ বন্ধ কৰাৰ বাবে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰা হৈছে । আগন্তুক দিনত যদিহে কোনোবাই বাল্য বিবাহ সম্পন্ন কৰে তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে । নাওবৈচা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ পৰিমল দাসে নিজৰ ভাষণত স্বাস্থ্য আৰু চিকিৎসা সম্পৰ্কত চলি থকা বিভিন্ন অন্ধবিশ্বাস সম্পৰ্কে ৰাইজক সজাগ কৰে । উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত সেৱা আগবঢ়ায় স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ হৃদয়ানন্দ বৰুৱা, শিশু ৰোগ বিশেষজ্ঞ পি কে দেউৰী, ডাক্তৰ অয়ন দাস, ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কাৰ্যক্ৰমৰ ডাক্তৰ সুজাতা নায়ক, জনস্বাস্থ্য বিষয়া ক্ৰমে গৌৰীনাথ শইকীয়া, তাবিতা বাঘ, শিখা হাজৰিকা, মিতালি কলিতা, গীতা কুজুৰ, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এম পি ডব্লিউ, এ এন এম আৰু আশা কৰ্মী সকলে ।

Post a Comment

0 Comments