TOP NEWS

6/recent/ticker-posts

Header Ads Widget

আই আই টি গুৱাহাটীত অনুষ্ঠিত ক্ৰীড়াত জিলিকিল নাজিৰা কেন্দ্ৰীয় বিদ্যালয়

দিলীপ হাজৰিকা, নাজিৰা ২৫ আগষ্ট : কেন্দ্ৰীয় বিদ্যালয় অ'এন জি চি নাজিৰাৰ শিক্ষাৰ্থীসকলে কেন্দ্ৰীয় বিদ্যালয় আই আই টি গুৱাহাটীত শেহতীয়াকৈ সমাপ্ত হোৱা বিভাগীয় ক্ৰীড়া প্ৰতিযোগিতাত এথলেটিকছ প্ৰতিযোগিতাত দুটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক জিকি কেন্দ্ৰীয় বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখনীয় যে যোৱা ২৩ আৰু ২৪ আগষ্টত কেন্দ্ৰীয় বিদ্যালয় আই আই টি গুৱাহাটীত এই বিভাগীয় পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। উক্ত প্ৰতিযোগিতাত কেন্দ্ৰীয় বিদ্যালয় অ'এন জি চি নাজিৰাৰ ৬ জন শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ২৩ আগষ্টত, অনুৰ্ধ-১৮ শ্ৰেণীত চাৰিশ মিটাৰ দৌৰত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ মহম্মদ ছামীয়ে ৫৮.০২ ছেকেণ্ডত অতিক্ৰম কৰি সোণৰ পদক লাভ কৰে। একেদিনাই দ্বাদশ শ্ৰেণীৰ সুভমে ট্ৰিপল জাম্পত অনুৰ্ধ-১৮ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰে। ইফালে ২৪ আগষ্টত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ শ্ৰীতিজে আঠশ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰে। বিদ্যালয়খনৰ ছামি, শ্ৰীতিজ, অনুভৱ আৰু মৃন্ময়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। নাজিৰা অএনজিচি কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ অখিলেশ্বৰ ঝাই শিক্ষাৰ্থী সকলক অভিনন্দন জনাই তেওঁলোকক অধ্যনৰ সামান্তৰালকৈ খেলত আৰু অধিক মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে পঢ়া-শুনা আৰু লিখাৰ লগতে ক্ৰীড়াও আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। ই আমাক অনুশাসন শিকায় আৰু লগতে আন শিক্ষাৰ্থীসকলেও এনে কৃতিত্বৰ দ্বাৰা অনুপ্ৰাণিত হয়। এই উপলক্ষে তেওঁ বিদ্যালয়খনৰ শাৰীৰিক শিক্ষাৰ শিক্ষক ওম প্ৰকাশ বাৰ্মাকো অভিনন্দন জনায়। শিক্ষাৰ্থীসকলৰ সৈতে যোৱা শিক্ষক জগদীপ সিঙে পদক লাভ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনায়।

Post a Comment

0 Comments