TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ৰাজ্যৰ ১ হাজাৰটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ষ্টাফ ৰিপ'ৰ্টাৰ, দিছপুৰ, ১৪ আগষ্ট ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰ বি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত দূৰ সংবেদী ব্যৱস্থাৰে ৰাজ্যখনৰ এক হাজাৰটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত ১৫ হাজাৰটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নিদ্ধৰ্াৰণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা অভিভাৱকসকলৰ আশা-আকাংক্ষা পূৰণ কৰিব৷ তেওঁ লগতে কয় যে অংগনৱাড়ীসমূহ হৈছে এনে এক কেন্দ্ৰ য’ত শিশুৰ শাৰীৰিক আৰু মানসিক ভেটি গঢ় লৈ উঠে৷ অংগনৱাড়ী কেন্দ্ৰসমূহে শিশুৰ উচ্ছ শিক্ষাৰ দিশত আগুৱাই নিয়াৰ বাবে ভেটি নিৰ্মাণ কৰে৷ তেওঁ কয় যে ৰাজ্যখনত অংগনৱাড়ী ব্যৱস্থাটোক আগুৱাই নিয়াৰ বাবে উপযুক্ত আন্তঃগাঁথনি নিৰ্মাণ কৰটো অতিশয় গুৰুত্বপূৰ্ণ৷ মুখ্যমন্ত্ৰীয়ে অভিভাৱকসলক তেওঁলোকৰ সন্তানক এই আদৰ্শ কেন্দ্ৰসমূহত নাম ভৰ্ত্তি কৰিবলৈও আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে নতুন চিকিৎসা অথবা অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ স্থাপন কৰাৰ দৰে অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ৷ এই অংগনৱাড়ী কেন্দ্ৰসমূহৰ পৰা ভৱিষ্যতৰ চিকিৎসক, অভিযন্তা গঢ়ি তোলাৰ দিশত নিৰ্ণয়াত্মক ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে আজি ‘এডপ্ট্‌ এন অংগনৱাড়ী’ নামৰ এটি পোৰ্টেলৰো শুভাৰম্ভ কৰে৷ বেচৰকাৰী সংগঠন, নাগৰিকসকলক এক মঞ্চ প্ৰদানৰ বাবে এই পোৰ্টেলটো মুকলি কৰা হৈছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে অংগনৱাড়ী কেন্দ্ৰৰ সম্পূৰ্ণ বা আংশিক খৰচ বহন কৰি সমাজৰ কল্যাণৰ দিশত অৰিহণা যোগাব পাৰিব৷ এই স্বেচ্ছামূলক ব্যৱস্থাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াত অংশগ্ৰহণকাৰীসকলে নৈতিক সন্তুষ্টিও লাভ কৰিব পাৰিব৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পলাশবাৰীৰ চয়নি বৰদুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কৈটাসিদ্ধি [ক] আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধন কৰে৷ আজিৰ এই অনুষ্ঠানত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা, বিধায়কসকল ক্ৰমে ভৱেশ কলিতা, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Post a Comment

0 Comments