TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

ষ্টাফ ৰিপ'ৰ্টাৰ,গুৱাহাটী, ১০ আগষ্ট ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ নূ্যনতম মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত ইণ্ডিয়ান টি এছ’চিয়েচন, নৰ্থ-ইষ্টাৰ্ণ টি এছ’চিয়েচন, টি এছ’চিয়েচন অব ইণ্ডিয়া, ভাৰতীয় চাহ পৰিষদ, আছাম টি প্লেণ্টাৰ্ছ এছ’চিয়েচন আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়৷ এই বৈঠকত ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ নূ্যনতম মজুৰি ২৭ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত চাহ শ্ৰমিকসকলৰ নূ্যনতম দৈনিক মজুৰি ২৩২ টকা আৰু বৰাক উপত্যকাত চাহ শ্ৰমিকসকলৰ নূ্যনতম মজুৰি ২১০ টকালৈ বৃদ্ধি পাব৷ চলিত বৰ্ষৰ পহিলা আগষ্টৰ পৰা মজুৰি বৃদ্ধিৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’ব৷ উল্লেখ্য যে বিগত ২০২১ বৰ্ষৰ ২৮ মে’ত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ সৈতে অসম চাহ মজদুৰ সংঘ আৰু অন্যান্য চাহ জনগোষ্ঠীয় সংস্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে অনুষ্ঠিত এখন বৈঠকত উক্ত বৰ্ষৰে ২৩ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল৷ সেই সিদ্ধান্তৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰা ২০৫ টকালৈ আৰু বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ মজুৰি দৈনিক ১৪৫ টকাৰ পৰা ১৮৩ টকালৈ বৃদ্ধি পাইছিল৷ আজিৰ বৈঠকত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ ১৫ মাহৰ ভিতৰতে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৯ শতাংশ বৃদ্ধি পালে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ এই বৈঠকতে সংগঠনসমূহৰ প্ৰতিনিধিসকলক অৰ্থডক্স চাহৰ ক্ষেত্ৰত বৰ্তমানে প্ৰতি কিলোগ্ৰাম চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য জ্জ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে৷ আনহাতে এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰদান কৰা ৰেচন ব্যৱস্থাটো অধিক সুসংগঠিত কৰি চাহ বাগিচাতে শ্ৰমিকসকলক ৰেচন প্ৰদানৰ সুবিধাৰ্থে সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ল’বৰ বাবে চাহ বাগিচা কৰ্তৃপক্ষক আহ৩ান জনায়৷ তদুপৰি চাহ বাগিচাৰ যিসকল শ্ৰমিকে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড লাভ কৰা নাই তেনে শ্ৰমিকসকললৈ শীঘ্ৰে এনে কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও বৈঠকত মুখ্যমন্ত্ৰীয়ে কয়৷ আজিৰ এই বৈঠকত মন্ত্ৰী অজন্তা নেওগ, সঞ্জয় কিষাণ, বিমল বড়া, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সংঘৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰূপেশ গোৱালাৰ উপৰি শীৰ্ষস্থানীয় বিষয়াসকলৰ লগতে সংগঠনকেইটাৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Post a Comment

0 Comments