TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চিলাগাঁও নিবাসী সমাজ কৰ্মী নাৰায়ণ সোণোৱালৰ শেষ কৃত্য সম্পন্ন

ষ্টাফ ৰিপ'ৰ্টাৰ, ধেমাজি, ১৩ আগষ্টঃ চিলাপথাৰ নগৰাঞ্চলৰ ২ নং চিলাগাওঁ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন সেনা বিষয়া নাৰায়ণ সোণোৱালৰ (৬০) কালি আকস্মিকভাৱে মৃত্যু হয়। কিছু দিনৰ পৰা কোনো গুৰুতৰ অসুখত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা নিশা প্ৰায় ৯:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে সোণোৱালে। আজি বিয়লি তেখেতৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ মাত্ৰেই বহু লোকৰ সমাগম হয়। সন্ধিয়া অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত ৰাইজে শেষ কৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত লোকজনে পত্নী, দুই সামৰিক বাহিনীৰ জোৱান পুত্ৰ সহ বহু আত্মীয় স্বজনক এৰি থৈ গৈছে। প্ৰয়াত চেনীৰাম সোণোৱালৰ পুত্ৰ নাৰায়ণে ২০০৬ চনত এচ এচ বিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছৰ পৰাই অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত তেওঁ জড়িত হৈ পৰে। চিলাপথাৰ আঞ্চলিক সোণোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰস্থিত বাইথ' মন্দিৰ পৰিচালনা সমিতি সভাপতি, নামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আমৃত্যু সক্ৰিয় ভাৱে জড়িত হৈ আছিল। পৰোপকাৰী, সৰবৰহী আৰু ৰসিক লোক হিচাপে জনপ্ৰিয় সোণোৱালৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। সোণোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমেশ সোণোৱাল আৰু সম্পাদক পূৰ্ণকান্ত সোণোৱালে তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ মুক্তি কামনা কৰিছে।

Post a Comment

0 Comments