TOP NEWS

6/recent/ticker-posts

Header Ads Widget

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সিং

তৃতীয় বৰ্গৰ পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ  

ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, ২৭ আগষ্ট : তৃতীয় বৰ্গৰ পদসমূহ পূৰণৰ বাবে কাইলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যৰে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষৰ পৰা ভিডিঅ’ কনফাৰেন্সিংযোগে শীৰ্ষ বিষয়া আৰু পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্ৰীয়ে পৰীক্ষা কেন্দ্ৰসমূহত যাতে অতি সূচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে সকলো ধৰণৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ পূৰ্বে অনুষ্ঠিত চতুৰ্থ বৰ্গৰ পদৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰাজি কাইলৈও নিখুতঁভাৱে গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক তেওঁলোকৰ জিলাত যান-জঁট নিয়ন্ত্ৰণৰ বাবেও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে পৰীক্ষাৰ্থীসকলে সময়মতে পৰীক্ষা গৃহত উপস্থিত হোৱাৰ দিশত কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়৷ বৈঠকত উপস্থিত থকা আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাই কাইলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পৰিচালিত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী খালী হৈ থকা পদসমূহ যদি মেধাৰ ভিত্তিত নিৰ্বাচিত যুৱক-যুৱতীয়ে লাভ কৰে তেতিয়া চৰকাৰী ব্যৱস্থাটোৰ কাৰ্যদক্ষতা অধিক বৃদ্ধি পাব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অদূৰ ভৱিষ্যতে ইয়ে ৰাজ্যখনক দেশৰ ভিতৰতে অন্যতম উন্নত আৰু প্ৰগতিশীল ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ সক্ষম হ’ব৷ যোৱা ২১ আগষ্টত অনুষ্ঠিত চতুৰ্থ ে৷ ণীৰ পদৰ নিযুক্তিৰ পৰীক্ষাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত পূৰ্বে অনুষ্ঠিত হোৱা অন্যান্য নিযুক্তি পৰীক্ষাৰ তুলনাত অনুপস্থিতিৰ সংখ্যা নগণ্য হোৱাটো এক ইতিবাচক দিশ বুলি কয়৷ নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিবলৈ প্ৰশাসন সক্ষম হোৱা বাবেই যুৱক-যুৱতীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে বুলিও তেওঁ কয়৷ আজিৰ এই ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

Post a Comment

0 Comments