TOP NEWS

6/recent/ticker-posts

Header Ads Widget

‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ উন্মোচন


মৰাণ জনগোষ্ঠীৰ ৰাজকীয় শাসন ব্যৱস্থাটো আছিল অসমৰ ইতিহাসৰ বৰ্ণিল অধ্যায় ঃ মুখ্যমন্ত্ৰী

 



ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১৩ আগষ্ট ঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত প্ৰকাশিত ‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থখন আজি জনতা ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমৰ ইতিহাসৰ লগত সম্পৃক্ত হৈ আছে বিভিন্ন নৃ-গোষ্ঠীয় লোকৰ ভাষা, সংস্কৃতি আৰু লোক জীৱনৰ ধাৰা৷ তেওঁ কয় যে এই বিৰাট ভূ-ভাগত মানৱ বসতি আৰম্ভ হোৱাৰ সম-সাময়িক স্তৰৰ পৰাই মৰাণসকলৰ সমাজ সভ্যতাৰ জীৱনযাত্ৰা, অংকুৰণ আৰু উত্তৰণমুখী গতিধাৰা সকলোবোৰ যুগ বিৱৰ্তনৰ সহচৰ হৈ আহিছে৷ এই গ্ৰন্থখনৰ জৰিয়তে মৰাণ জনগোষ্ঠীৰ বৰ্ণাঢ্য ইতিহাস, পৰম্পৰা, সংস্কৃতি, ৰাজনৈতিক ইতিহাস আদি দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়ে নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগোৱাৰ লগতে আমাৰ জনগোষ্ঠীয় চেতনাক এক নতুন মাত্ৰা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে জাতি গঠনৰ প্ৰক্ৰিয়াটো এটা বিন্দুত স্তব্ধ হৈ যোৱা নাই, ই এক গতিশীল সোঁত৷ বিভিন্ন জনগোষ্ঠীৰ লোকজীৱনৰ অপূৰ্ব সমাহাৰেৰে অসমীয়া জাতি গঢ় লৈ উঠিছে আৰু প্ৰাক্‌-ঐতিহাসিক কালৰে পৰা অসমলৈ লোক- প্ৰব্ৰজন হৈ আহিছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমীয়া মানুহৰ পৰিচয় তাৰ নৃ-গোষ্ঠীগত বৈশিষ্ট্য্যতকৈও ভাষিক আৰু সাংস্কৃতিক আধাৰতহে প্ৰতিষ্ঠিত৷ মৰাণ জনগোষ্ঠীৰ ঐতিহাসিক ৰাজকীয় শাসন ব্যৱস্থাৰ ওপৰত বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয় যে এটা জনগোষ্ঠীৰ বিকাশ সাধনৰ বাবে মানুহক সংগঠিত কৰা, তেওঁলোকক পৰিচালিত কৰা আৰু বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে ৰাজকীয় ব্যৱস্থাটো গঢ়ি তোলাতো আছিল অসমৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায়৷ কামৰূপৰ পাল বংশৰ অবসানৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত গোষ্ঠীগতভাৱে সৰু সৰু ৰাজ্য গঢ় লৈ উঠাৰ লগতে বদৌচাৰ নেতৃত্বত মৰাণ ৰাজ্যয়ো ঠনধৰি উঠাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত এই ভূ-খণ্ডটোৰ বাসিন্দা হিচাপে প্ৰথমে মৰাণ আৰু বৰাহীসকলক লগ পোৱাৰ ঐতিহাসিক প্ৰসংগ উল্লেখ কৰে৷ নৃগোষ্ঠীয়, জনজাতীয় পৰম্পৰাগত ৰীতি-নীতি আৰু সম্প্ৰদায়সমূহৰ মাজত একতাৰ এনাজৰীৰ মাজতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিচিত্ৰতা আৰু স্পন্দনশীলতা নিহিত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ সমাজৰ এই শক্তিক নৱপ্ৰজন্মৰ লগতে ইয়াক বিশ্ব দৰবাৰতো প্ৰতিফলিত কৰাৰ প্ৰয়োজনীয়তা আছে৷ এই দৰ্শনৰ আধাৰতে নৃতাত্ত্বিকভাৱে খিলঞ্জীয়া আৰু জনজাতীয় লোক বিশ্বাস আৰু সংস্কৃতি বিষয়ক পুংখানুপুংখ গৱেষণা, শক্তিশালী কাঠামো নিৰ্মাণ আৰু কৰ্মপন্থাৰ ৰূপৰেখা প্ৰস্তুতিৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ বৰ্তমানৰ অসম চৰকাৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠন কৰিছে বুলি সভাত বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয় যে এই উদ্যোগে খিলঞ্জীয়া আৰু জনজাতীয় সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বদ্ধপৰিকৰতাকে সূচাইছে৷ সবল ভাতৃত্ববোধ আৰু মানৱীয় সম্পৰ্ক হৈছে আমাৰ অমূল্য সম্পদ আৰু এই দিশত গুৰুত্ব আৰোপ কৰি এক পাৰস্পৰিক বিশ্বাস, আস্থা আৰু মানৱীয় প্ৰমূল্যৰে সৰ্বাংগ সুন্দৰ ৰাজ্য তথা দেশ নিৰ্মাণৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ বাবে তেওঁ সকলোকে আহ৩ান জনায়৷ নৰকাসুৰ, কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ পৰা আদি কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সময়লৈকে নৱপ্ৰজন্মক ইতিহাসৰ জ্ঞানেৰে সমৃদ্ধ কৰি সু-শৃংখল সমাজ ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ পৰা অসম আৰু ভাৰত বুৰঞ্জীৰ লগতে ভূগোল বিষয় বাধ্যতামূলকভাৱে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সভাত জানিব দিয়ে৷  মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণয়নৰ লগত জড়িত থকা প্ৰবুদ্ধ ব্যক্তিসকল, সম্পাদনা সমিতি, লেখকসকললৈ মুখ্যমন্ত্ৰীয়ে সভাত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্‌যাপনৰ এই শুভক্ষণত এই গ্ৰন্থ উন্মোচনী কাৰ্যসূচীৰ সাক্ষী হ’বলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি তেওঁ সভাত ব্যক্ত কৰে৷ আনহাতে সভাত ভাষণ আগবঢ়াই ৰাজ্য সভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা গগৈয়ে কয় যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে জনসাধাৰণৰ সামগ্ৰিক উত্তৰণৰ হকে কাম কৰি থকাৰ লগতে বৌদ্ধিক-সাংস্কৃতিক-শৈক্ষিক বৈভৱ বিশেষকৈ জনগোষ্ঠীসমূহৰ বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷ সভাত বক্তব্য আগবঢ়াই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত বিত্তীয় অনুদান আগবঢ়োৱাৰ বাবে গ্ৰন্থখনৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চ্যু-কা-ফা আসনৰ প্ৰাধ্যাপক ড॰ নিৰোদ বৰুৱাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত অসম চৰকাৰৰ গেছ কোম্পানীৰ অধ্যক্ষ তথা বিধায়ক বলিন চেতিয়া, বিধায়ক সুৰেন ফুকন, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড॰ চন্দন কুমাৰ শৰ্মা,  অসম মৰাণ সভাৰ উপদেষ্টা দুলাল মৰাণ, থুলেশ্বৰ চেতিয়া, হেমন্ত মৰাণ, বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক বিশিষ্ট গ্ৰন্থ লেখক সুখীধৰ দহোতীয়া, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, অসম ৰাজ্যিক যুৱ আয়োগৰ অধ্যক্ষ অৰুণজ্যোতি মৰাণ, মৰাণ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰুণ বৰুৱা, সদৌ মৰাণ কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি লংকেশ্বৰ মৰাণ, অসম মৰাণ সভাৰ উপ-সভাপতি বিৰিঞ্চী নেওগ, অসম মৰাণ সভাৰ সম্পাদক দুৰ্লভ গোঁহাই, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ধৰ্মেন্দ্ৰে নেওগ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথ, অসম ৰাজ্যিক বিদ্যুৎ গ্ৰীড কৰ্প’ৰেচনৰ সঞ্চালক তৰুণ বৰুৱা প্ৰমুখ্যে মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিবৰ্গ আৰু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ 

Post a Comment

0 Comments