TOP NEWS

6/recent/ticker-posts

Header Ads Widget

প্ৰবীণ কংগ্ৰেছ নেতা বাপাৰাম দাসৰ দেহাৱসান: লখিমপুৰ জিলা কংগ্ৰেছ ভৱনত অন্তিম শ্ৰদ্ধাঞ্জলি

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ,১৯আগষ্টঃ লখিমপুৰ কংগ্ৰেছৰ পিতামহ স্বৰূপ, প্ৰবীণ কংগ্ৰেছ নেতা,বাপাৰাম দাসৰ আজি পুৱতি নিশা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৮৮বছৰ। অবিভক্ত লখিমপুৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, তেলাহী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, হিচাপে কাৰ্য নিৰ্বাহ কৰাৰ পাছত লখিমপুৰ জিলা কংগ্ৰেছৰ উপ সভাপতি হিচাপেও দীৰ্ঘদিনৰ পৰা কাৰ্যনিবাহ কৰিছিল। দীর্ঘ দিন ধৰি তেও শিক্ষকতা হিচাপে কাৰ্যনিবাহ কৰি অৱসৰ গ্ৰহন কৰাৰ পাছৰে পৰা কংগ্ৰেছ দলটোক সবল ৰূপত আগুৱাই নিছিল।।আজি দিনৰ বাৰ বজাত তেওঁৰ নশ্বৰ দেহ লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্য্লয় ৰাজীৱ ভৱনত আহি পোৱাৰ লগে লগেই অগণন কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ নেতা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনায়। শ্রদ্ধাঞ্জলী কাৰ্য্যসুচীৰ লগে লগে নেতা গৰাকীৰ সান্নিধ্যৰ স্মৃতি ৰোমন্হন কৰে জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক গঙ্গাজ্যোতি টায়েগাম, ব্ৰজেন শ‍ইকীয়া, দূর্গা গোস্বামী, হাফিজা বেগমৰ লগতে একালৰ সতীৰ্থ ব্লক কংগ্ৰেছৰ সভানেত্রী আইভি বৰুৱাই।কাৰ্যসুচী আৰম্ভণি হোৱাৰ আগে আগে এক শোকসভা অনুস্হিত হয়। শ্রদ্ধাঞ্জলী জনায় জিলা কংগ্ৰেছৰ উপ সভাপতি ফাইজুৰ ৰহমান, অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আৰ টি আই কোষৰ সভাপতি নাৰায়ণ শইকীয়া, সাধাৰণ সম্পাদক (সংগঠন) ধন মহমদ, নগৰ ব্লকৰ সভাপতি হেম চন্দ্ৰ বৰুৱা, তেলাহী ব্লকৰ সভাপতি জিতুমনি বৰা, জেষ্ঠ কংগ্ৰেছ নেতা অপেল হাজৰিকা, জিলা সেৱাদলৰ সভাপতি পবিত্ৰ গগৈ, জিলা যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৌচুম লাহন, লগতে জিলা কংগ্ৰেছৰ বিভিন্ন কৰ্মকৰ্তাই। ইয়াৰ পাছতেই জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাই উত্তৰ লখিমপুৰ নগৰৰ মাজেদি শৱদেহ লৈ শোভাযাত্ৰা কৰে ।

Post a Comment

0 Comments