TOP NEWS

6/recent/ticker-posts

Header Ads Widget

কাৰ্টুন আঁকি জনপ্ৰিয় হোৱা নাজিৰাৰ যুৱক ভাস্কৰ

দিলীপ হাজৰিকা, নাজিৰা ১৭ আগষ্ট : নাজিৰা বুধবাৰী সত্ৰৰ নিবাসী এজন যুৱক । যাৰ নাম সম্প্ৰতি সামাজিক মাধ্যমৰ লগতে জনসমাজত বহুলভাৱে চৰ্চাৰ স্থান পাইছে । এই উদীয়মান যুৱকজন ভাস্কৰ জ্যোতি মহন্ত। যাৰ পৈণত হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন ধৰণৰ কাৰ্টুনৰ চৰিত্ৰ।নিজৰ কৰ্মব্যস্ততাৰ মাজতো ইতিমধ্যে কাৰ্টুন আঁকি জনপ্ৰিয় হৈ উঠা যুৱকজনে ৰাইজৰ ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হৈছে।শৈশৱৰে পৰা তেওঁ টিংকল আদিৰ দৰে শিশু আলোচনীবোৰ পঢ়ি কাৰ্টুনৰ প্ৰতি বিশেষ ভাৱে আকৰ্ষিত হৈ পৰিছিল,ক্ৰমান্বয়ে নিজে কাৰ্টুন আঁকিবলৈ চেষ্টা কৰি বৰ্তমান তেওঁৰ অবিৰত প্ৰচেষ্টাই সফল ৰূপ লৈছে।তেওঁ জনোৱা মতে -- এসময়ত নাজিৰা মহাবিদ্যালয়ৰ আলোচনী সম্পাদক পাৰ্থপ্ৰতিম দত্তই কলেজৰ আলোচনীত প্ৰথম তেওঁ অকা কাৰ্টুন প্ৰকাশ কৰাৰ পিছৰে পৰাই কেইবাবছৰো একেলেঠাৰিয়ে তেওঁৰ কাৰ্টুন সেই কলেজ আলোচনীখনত প্ৰকাশিত হৈছিল।ভাস্কৰ জ্যোতি মহন্ত নাজিৰা মহাবিদ্যালয়ৰ আলোচনী সম্পাদকৰ লগতে বিগত বৰ্ষত শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগীৰো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।তেওঁৰ কাৰ্টুনৰ সমল ই আলোচনীৰ লগতে অন্য স্থানীয় আলোচনী, ফেচবুক পেজ আদিতো প্ৰচাৰ হৈ আছে।বৰ্তমান সমাজত ঘটি থকা বিভিন্ন ঘটনা,পৰিঘটনাৰ ওপৰত কাৰ্টুন আঁকি ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে এই যুৱকজন।বৰ্তমান ভাস্কৰজ্যোতি মহন্ত অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ, নাজিৰা নাট্য সমিতিৰ লগতে কেইবাটাও ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে।

Post a Comment

0 Comments