TOP NEWS

6/recent/ticker-posts

Header Ads Widget

সোৱণশিৰি আদৰ্শ হাইস্কুলত চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন

পাপু বৰুৱা, ঢকুৱাখনা, ১০ আগষ্ট : আজাদি কা অমৃত মহোৎসৱ, দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা প্ৰচাৰৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত সোৱণশিৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় । প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে সপ্তম শ্ৰেণীৰ ছাত্ৰ প্ৰণৱ জ্যোতি টাইদ, দ্বিতীয় পুৰস্কাৰ লাভ কৰে অভিলাশা ভৰালী আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে মিগম পগাগে । চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে স্বচ্ছ ভাৰতৰ অন্যতম কাৰ্যসূচী স্বচ্ছতাৰ পষেকৰ শুভাৰম্ভও কৰা হয়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে নেহৰু যুৱ কেন্দ্ৰ ঘিলামৰা উন্নয়ন খণ্ডৰ স্বেচ্ছাসেৱক ৰাজীৱ দাস,সোৱণশিৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা সেনাপতি বৰুৱা,ৰশ্মি ৰেখা পাঞাং, বেদান্ত চুতীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।

Post a Comment

0 Comments