TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ঢকুৱাখনাত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন প্ৰস্তুতি

পাপু বৰুৱা, ঢকুৱাখনা, ১০ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ উদ্দীপনা ৷ ব্যতিক্ৰম নহয় ঢকুৱাখনাটো ৷ ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত উদযাপন কৰিব স্বাধীনতা দিৱস। ইপিনে স্বাধীনতা দিৱসকলৈ পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে অসম আৰক্ষীৰ জোৱান সকলৰ লগতে বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ - ছাত্ৰীয়ে । মুঠ ২১ টা দলে অংশগ্ৰহণ কৰিব পেৰেডত ৷ ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে দলসমূহে ৷ প্ৰায় ২১ টাতকৈ মাৰ্চ - পাৰ্চৰ দলে অংশ লবলগীয়া উক্ত অনুষ্ঠানৰ পতাকা উত্তোলন কৰিব ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই ।

Post a Comment

0 Comments