TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ চিকিৎসকৰ বিশেষ তৎপৰতাত প্ৰসূতি মাতৃৰ প্ৰাণ ৰক্ষা

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ২২ জুলাই : লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য হস্পিতালৰ তৎপৰতাত এগৰাকী অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা গৰ্ভৱতী মহিলাৰ প্ৰাণ ৰক্ষা পৰে । প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২০ জুলাই তাৰিখে সন্ধিয়া ৬ বজাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ মাতৃ আৰু শিশু স্বাস্থ্য হস্পিতালত বিশ্বনাথ জিলাৰ ব্ৰহ্মাজান চাহ বাগানৰ বাসিন্দা অঞ্জলি টামাৰীয়া নামৰ Rupture of uterus সমস্যাত ভোগা এগৰাকী গৰ্ভৱতী মহিলাক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় । মহাবিদ্যালয়ৰ চিকিৎসক ক্ৰমে ডাক্তৰ কল্পনা, প্ৰসুতি আৰু স্ত্ৰীৰোগ বিভাগৰ পঞ্জীয়ক ডাক্তৰ জৰ্ণা পেগু, ডাক্তৰ হৃদয়ানন্দ বৰুৱা, ডাক্তৰ অনিন্দিয়া বৰুৱা আৰু ডাক্তৰ সঞ্জয় শৰ্মাই ৰোগীৰ অতি সংকটজনক অৱস্থা অনুধাৱন কৰি সময় নষ্ট নকৰি জৰুৰীকালীন ভাবে অস্ত্ৰোপ্ৰচাৰ কৰি প্রসুতী অঞ্জলি টামাৰীয়াৰ জীৱন ৰক্ষা কৰে । উল্লেখ্য যে ৰোগীৰ লগত উপস্থিত থকা অভিভাৱকে জৰুৰীকালীন ভাবে তেজ যোগান ধৰিব নোৱাৰাত চিকিৎসকৰ দলটোৱে ডাক্তৰ নিখিল কুমাৰ কাকতিক যোগাযোগ কৰে আৰু ডাক্তৰ নিখিল কুমাৰ কাকতিয়ে সময় নষ্ট নকৰি জৰুৰীকালীন ভাবে অস্ত্ৰোপ্ৰচাৰ কক্ষত দুই ইউনিত তেজ যোগান ধৰে যাৰ বাবে উক্ত অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ চিকিৎসকৰ দলটো সক্ষম হয় । এই অস্ত্ৰোপ্ৰচাৰৰ দুদিন পিছতো ৰোগীৰ অভিভাৱকে তেজ দিবলৈ ব্যৰ্থ হোৱাত চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা অতিৰিক্ত এক ইউনিত তেজ ৰোগীক প্ৰদান কৰা হয় । উক্ত ঘটনাৰ পিছত চিকিৎসা মহাবিদ্যালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ বিজয় কুমাৰ দত্তই চিকিৎসকৰ দলটোক এই সফলতাৰ বাবে অভিনন্দন জনায় । ডাক্তৰ অজয় কুমাৰ দত্তই কয়- “আমি আমাৰ চিকিৎসালয়লৈ অহা প্ৰতিগৰাকী প্রসুতি মাতৃ তেওঁলোকৰ সন্তানৰ সৈতে যাতে সুস্বাস্থ্যৰে ঘৰলৈ উভতিব পাৰে তাৰ বাবে আমি সকলোৱে ১০০%ৰো অধিক চেষ্টা কৰোঁ । লখিমপুৰ চিকিৎসা মহাবিদ্যালয় এখন নতুন চিকিৎসা মহাবিদ্যালয়, আমি ইয়াৰ সফলতাৰ বাবে ৰাইজৰ সহায় সহযোগৰ আশা কৰিছোঁ আৰু আগন্তুক দিনত আমি অধিক ভাল কাম কৰিবলৈ এই অনুষ্ঠানটিক প্ৰস্তুত কৰিছোঁ ।“ লখিমপুৰ জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ জগদীশ গোস্বামীয়ে উক্ত ঘটনা সম্পৰ্কত চিকিৎসকৰে দলটোক শুভেচ্ছা জনাই কয়,"প্ৰসূতি মাতৃৰ সুৰক্ষাৰ বাবেে আমি দায়বদ্ধ । প্ৰসূতি মাতৃৰ সুৰক্ষাৰ বাবে চিকিৎসকে যি দায়িত্ব পালন কৰিব লাগে সেয়া নিশ্চিত ভাবে কৰিব । এইক্ষেত্ৰত এখন সমাজ বা পৰিয়ালৰো প্ৰসূতি মাতৃ গৰাকীৰ সুৰক্ষাৰ দিশত বিশেষ দায়িত্ব থাকে । স্বাস্থ্য বিভাগৰ পৰা সময়ে সময়ে বিভিন্ন সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হৈ আহিছে । শেহতীয়াকৈ বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা ( এ এন চি) অভিযান সফলতাৰে সম্পন্ন কৰা হৈছে । প্ৰসূতি মাতৃৰ সুৰক্ষাৰ বাবে লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগে এই বছৰৰ ২৪ এপ্ৰিল তাৰিখৰ পৰা মিছন জ্যোতিষ্মান বুলি এটা বিশেষ অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ জৰিয়তে জিলাখনৰ প্ৰচলিত স্বাস্থ্য সেৱাৰ গতি, মানদণ্ড আৰু ধাৰাক উন্নীত আৰু ফলপ্ৰসূ মৰি তোলাৰ প্ৰয়াস কৰা হৈছে । আমি এইক্ষেত্ৰত ৰাইজৰ অধিক সহযোগিতা কামনা কৰোঁ।"লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱান আৰু অতিৰিক্ত উপায়ুক্ত গীতালি দুৱৰা আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক উপৰোক্ত সফলতাৰ বাবে চিকিৎসকৰ দলটোক শুভেচ্ছা জনাই । উপায়ুক্ত সুমিত সত্তাৱনে এই সফলতাই স্বাস্থ্য কৰ্মী সকলক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে ।

Post a Comment

0 Comments