TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ছোনীয়া গান্ধীক চমন: লখিমপুুৰ জিলা কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সমদল

ষ্টাফ ৰিপৰ্টাৰ,উত্তৰ লখিমপুৰ,২২ জুলাই: দেশৰ স্বতন্ত্ৰ সংস্হা সমুহক বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অযথা হস্তক্ষেপ কৰি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। সেই কাৰণেই দেশৰ বিৰোধী দলৰ নেতৃত্বক বিভিন্ন ভয় ভাবুকি দেখুৱাই চৰকাৰখনে মূল সমস্যাত মাত নামাতিবলৈ বৃথা চেষ্টা কৰিছে ৷ তেনে কাৰণতেই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী, সাংসদ ছোনীয়া গান্ধীক নেচনেল হেৰাল্ড বাতৰি কাকতৰ নামত অন্যায়ভাৱে হাৰা শাস্তি কৰিছে ৷ এনে পৰিস্থিতিৰ বিৰুদ্ধে আজি লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়ে এক বিশাল প্ৰতিবাদী সভা উঃলঃ চহৰৰ মাজেৰে বাহিৰ কৰি লখিমপুৰৰ আকাশ বতাহ কঁপাই তোলে ৷ ই ডি ৰ স্বতন্ত্ৰতা ৰক্ষা কৰক, ছোনীয়া গান্ধীৰ ওপৰত কৰা অত্যাচাৰ নচলিব, ৰাহুল গান্ধী জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ ধ্বনিৰে প্ৰায় তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে আজি প্লে কাৰ্ড প্ৰদৰ্শন কৰে ৷ কাৰ্যসুচীত জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰা, প্ৰদেশ কংগ্ৰেছৰ পৰ্য্যবেক্ষক প্ৰেমলাল গন্জু, প্ৰাক্তন জিলা সভাপতি কননাথ ফুকন, প্ৰশাসনিক সাধাৰণ সম্পাদক গঙ্গাজ্যোতি টায়েগাম, ধন মহমদ, উপ সভাপতি বাপুতি পেগু, কেকেন চেতিয়া, ফাইজুৰ ৰহমান, উত্তম প্ৰধান, মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰভাতী ধদৰাই, যুৱ কংগ্ৰেছৰ সভাপতি মৌচুম লাহন, সেৱাদল বৰ্ডৰ সভাপতি পবিত্ৰ গগৈ, এন এচ ইউ আই ৰ সভাপতি দিবাকৰ গগৈৰ লগতে জিলা কংগ্ৰেছৰ অন্যান্য বিযয়ববীয়া, বিভিন্ন শাখাৰ কৰ্মকৰ্তা আৰু ব্লক কংগ্ৰেছৰ সভাপতি সকল উপস্থিত থাকে ৷ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই চৰকাৰী পৃষ্ঠপোষকতাত হোৱা এনে কৰ্মৰাজি অনতিপলমে বন্ধ কৰিবৰ বাবে আহৱান জনায় ।

Post a Comment

0 Comments