TOP NEWS

6/recent/ticker-posts

Header Ads Widget

জাতীয় পতাকাক অপমান কৰি ভুল স্বীকাৰ বিজেপি নেতাৰ

ষ্টাফ ৰিপ'ৰ্টাৰ, কাকপথাৰ, ২৯ জুলাই: কাৰ্গিল বিজয় দিৱসৰ পদযাত্ৰা কাৰ্য্যসূচীত শদিয়া সমষ্টি কাকপথাৰত বিজেপি নেতাই জাতীয় পতাকাক অপমান কৰি ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ভুল স্বীকাৰ৷ গেৰুৱা ৰং সলনি কৰি হালধীয়া ৰং লগোৱা জাতীয় পতাকা লৈ উমেশ চাহুৱে পদযাএা কৰি কৰিছিল অপমান৷ বিজেপি, যুৱ মৰ্চা নেতাৰ নেতৃত্বত হৈছিল উক্ত কাৰ্গিল বিজয় দিৱসৰ কাৰ্যসূচী৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিৰ সম্পাদক উমেশ চাহুৰ৷ জাতীয় পতাকা অপমান কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাকপথাৰ প্ৰেছ ক্লাব লগতে অসম জাতীয়তাবাদী যুৱ ছাএ পৰিষদে৷ জাতীয় পতাকাক অপমান কৰি উমেশ চাহুৱে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ভুল স্বীকাৰ কৰিছে যদিও বিজেপি, যুৱ মৰ্চা শদিয়া জিলা সমিতি লগতে ৰাজ্যিক বিজেপিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষ্যনীয়৷

Post a Comment

0 Comments