TOP NEWS

6/recent/ticker-posts

Header Ads Widget

অসম যুৱ অলিম্পিকৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ২৮ জুলাই ঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি অনুষ্ঠিত অসম য়ুথ অলিম্পিকৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত অসম অলিম্পিক সন্থাই এই প্ৰতিযোগিতাৰ আয়োজন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ ৩ কোটি ৩০ লাখ জনসাধাৰণৰ মাজত যথেষ্ট ক্ৰীড়া প্ৰতিভা লুকাই আছে৷ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা অসমৰ ক্ৰীড়া প্ৰতিভাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ গাঁৱে-ভূঞে যথেষ্ট প্ৰতিভাসম্পন্ন খেলুৱৈ আছে৷ এই য়ুথ অলিম্পিকে নতুন প্ৰতিভাক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিছে বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰ তথা অসম অলিম্পিক সন্থাই সেই প্ৰতিভাসমূহ উলিয়াই অনাৰ দায়িত্ব ল’ব লাগিব যাতে বিশ্বৰ বদ্ধিৰ্ত ক্ৰীড়াৰ পৰিৱেশৰ লগত আমাৰ ৰাজ্যখনকো আগুৱাই লৈ যাব পৰা যায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য মণিপুৰত ক্ৰীড়াৰ এক শক্তিশালী পৰিৱেশৰ সূচনা হৈছে৷ তাত খেলুৱৈসকলক আগবঢ়াই নিয়াৰ দায়িত্ব চৰকাৰতকৈও সমাজে বেছিকৈ লৈছে৷ আমাৰ ৰাজ্যখনতো তেনে এক পৰিৱেশ নিৰ্মাণ কৰিব পাৰিলে আমাৰ খেলুৱৈসকলে সফলতাৰ শীৰ্ষলৈ যাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে খেলৰ এক উন্নত পৰিৱেশ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যৰ ক্ৰীড়া নীতি আৰম্ভ হৈছে৷ এই ক্ৰীড়া নীতিক খেলুৱৈৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে৷ আজি অসমত ক্ৰীড়াৰ এক শক্তিশালী পৰিকাঠামো নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া চলিছে৷ এই বছৰ ৰাজ্য চৰকাৰে প্ৰায় ১০খন জিলাত ১০টা আটকধুনীয়া ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে কাম হাতত লৈছে৷ অসম বিধান সভাৰ ১২৬টা সমষ্টিতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামৰ পিছত চন্দ্ৰপুৰত তৃতীয়খন ক্ৰীড়া আন্তঃগাঁথনি আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে৷ অসম ক্ৰিকেট সন্থাৰ উদ্যোগতো ৰাজ্যখনৰ বিভিন্ন স্থানত ক্ৰিকেটৰ বাবে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে৷ এই ষ্টেডিয়ামসমূহ প্ৰশিক্ষণ শিবিৰলৈ ৰূপান্তৰ কৰিব লাগিব৷ ৰাজ্য চৰকাৰে প্ৰতিটো লোকসভা সমষ্টিত সাংসদ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ কৰিব বিচাৰিছে৷ ক্ৰীড়া নীতি অনুসৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰৰ ভিত্তিত চিন্তা-চ২৬১্া কৰিছে যে ৰাজ্যখনত যিমান সংখ্যক চৰকাৰী চাকৰি ওলাব তাত এটা নিৰ্দিষ্ট শতাংশ খেলুৱৈৰ বাবে সংৰক্ষণ কৰিব যাতে ৰাজ্যখনত ক্ৰীড়াৰ এক নতুন পৰিৱেশ নিৰ্মাণ হয়৷
মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ ভিতৰতে শ্ৰেষ্ঠ এক ক্ৰীড়া নীতি গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত লৈছে৷ উড়িশা চৰকাৰে ৰাষ্ট্ৰীয় খেলসমূহত যিধৰণে পৃষ্ঠপোষকতা কৰে ঠিক একেদৰে অসম চৰকাৰেও ৰাষ্ট্ৰীয় পৰ্যায়ত চাৰিট বা পাঁচটা ইভেণ্টত পৃষ্ঠপোষকতা কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয়৷ অসম য়ুথ অলিম্পিক আয়োজন কৰি ক’ভিডৰ পিছত অসম অলিম্পিক সন্থাই এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিলে৷ অসমৰ বিদ্যালয়সমূহত ক্ৰীড়া আৰু সংস্কৃতি শক্তিশালীভাৱে আগুৱাই নিব পাৰিলে ড্ৰাগছৰ বিভীষিকা বহু পৰিমাণে হ্ৰাস পালেহেঁতেন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা এবছৰত প্ৰায় ৰ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে৷ যুৱ উচ্ছৃঙ্খলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ক্ৰীড়া৷ খেলে আমাৰ সমাজখনক পৰিৱৰ্তন সাধন কৰিব পাৰে বুলি তেওঁ কয়৷ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ দ৫১১ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজহ মন্ত্ৰী যোগেন মোহন, বিধায়কদ্বয় ৰূপজ্যোতি কুৰ্মী, হেমাংগ ঠাকুৰীয়া, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোৱৰ, অৰ্জুন মনলিচা বৰুৱা মেহতা, কমলেশ মেহতা, ক্ৰীড়াবিদ এলেন দেউৰী, অংকুশিতা বৰাকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Post a Comment

0 Comments