TOP NEWS

6/recent/ticker-posts

Header Ads Widget

মৈৰাবাৰীত সাংবাদিক গ্ৰেপ্তাৰ : চিলাপথাৰত এক ঘন্টীয়া অৱস্থান ধৰ্মঘট

বিজয় শংকৰ দত্ত, ধেমাজি, ২৭ জুন: মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে পৰ্ণ ভিডিঅ নিৰ্মাণকাৰীৰ পক্ষ লৈ নিৰপেক্ষ দুজনকৈ চেটেলাইট নিউজ চেনেলৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ কৰ্মকাণ্ডক লৈ সমূগ্ৰ ৰাজ্যজুৰি সাংবাদিক সংগঠনৰ লগতে বিভিন্ন দল সংগঠন ৰাজনৈতিক মহলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ আজি ধেমাজি জিলা বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ উদ্যোগত চিলাপথাৰৰ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মহিলা পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গোৰ্খা ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থাকে ধৰি চিলাপথাৰৰ বিভিন্ন দল সংগঠনে দিনৰ এক বজাৰ পৰা ২ বজালৈকে জোনাইৰোড জীৰণি চ'ৰাত ১ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অৱস্হান ধৰ্মঘট কাৰ্যসূচীত বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্ত ই কয় যে- মৈৰবাৰী আৰক্ষীয়ে আক্ৰোশমূল্যক ভাবে দুই গৰাকী কৈ নিৰপেক্ষ সাংবাদিকক আচলতে মৈৰাবাৰী আৰক্ষী থানাৰ অ'চি য়ে সম্পুৰ্ণ অগণতান্ত্ৰিক বাবে গণতন্ত্ৰ চতুৰ্থ তম্ভৰ নীতি নিয়ম খৰ্গ কৰি, সাংবাদিকৰ স্বাধীনতা ৰুদ্ব কৰাৰ চক্ৰান্তৰে পৰ্ণ ভিডিঅ' নিৰ্মাণকাৰীৰ বিৰুদ্ধে বাতৰি লিখাৰ অচিলা লৈ দুজনকৈ সাংবাদিকক জেললৈ প্ৰেৰণ কৰা কাৰ্য্যক একেমুখে ধিক্কাৰ দিয়াৰ লগতে এনে ঘটনাৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমৰ সাংবাদিক সকল বহি নাথাকে বুলি মন্তব্য আগবঢ়ায়। একেদৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞাই কয় যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আজিলৈকে দেশখনত সাংবাদিকৰ সুৰক্ষা নিশ্চিত হোৱা নাই এই খন বিজেপি চৰকাৰে আৰক্ষীক ৰাজনৈতিক ভাবে ব্যৱহাৰ কৰি মনে সজা গোচৰ জাপি দি সাংবাদিকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই জেললৈ প্ৰেৰণ কৰা দেখা গৈছে । এইক্ষেত্ৰত গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই বিষয়টো হস্তক্ষেপ কৰি এক উচ্চ পৰ্যায়ৰ তদন্তৰে নাবালিকা গৰাকীক ন্যায় প্ৰদান কৰাৰ লগতে সাংবাদিক দুজনক বিনাচৰ্তে মুক্তি কৰি গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় । সমাজখনৰ হিতৰ ভাবে প্ৰশাসন নে অহিতৰ বাবে প্ৰশাসন বুলি প্ৰশ্ন কৰে আছুৰ ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈয়ে । সমাজক কুলষিত কৰা চিন্তা, অশ্লীল ভিডিঅ' নিৰ্মানকাৰীৰ পক্ষ লৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰা এনে মানসিকতাৰ আৰক্ষী বিষয়া আমাক প্ৰয়োজন নাই তেওঁ শীঘ্ৰেই নিলম্বন কৰাৰ লগতে সাংবাদিক দুজনক মুক্তি দিয়াৰ দাবী জনায় । কাৰ্যসূচীত এ.জে.ৱাই.চি.পি.ৰ ধেমাজি জিলা সমিতিৰ হৈ ভাস্কৰ বৰগোহাঁই উপস্থিত থাকি কয় যে এইখন চৰকাৰ যে পুঁজিপতি ওচৰত বিক্ৰী হোৱা এখন চৰকাৰ । দমন নীতিৰে শাসন চলোৱা বিজেপি চৰকাৰৰ এনে কাৰ্য কেতিয়াও যুৱ ছাত্ৰ পৰিষদে সহ্য নকৰে, সাংবাদিকক দুজনৰ শীঘ্ৰেই মুক্তি দিয়াৰ আহ্বান জনায়। একে দৰেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সভাপতি ভবেন শালৈ, জাতীয়তাবাদী মহিলা পৰিষদৰ চিলাপথাৰ আঞ্চলিকৰ সভানেত্ৰী বনিতা মেচ, ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উপ-সভানেত্ৰী গীতা প্ৰদান, চিলাপথাৰ আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বিপুল সোণোৱালে প্ৰতিবাদস্থলীত উপস্থিত থাকি অপৰাধীক ৰঙা দলিচা দি সাংবাদিক গ্ৰেপ্তাৰ কৰা কাণ্ডক একে মুখে ধিক্কাৰ জনোৱাৰ লগতে বিনাচৰ্তে সাংবাদিক মুছস্তাফিজুৰ আহমেদ আৰু নাছিদুৰ ৰহমানক মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰ আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তক দাবী জনায়। ধৰ্মঘট কাৰ্যসূচীত সাংবাদিক সকলৰ লগতে দল সংগঠনৰ নেতা কৰ্মীসকলে ক'লা বেজ পৰিধান কৰি হাতে হাতে প্লে-কাৰ্ড লৈ চতুৰ্থ তম্ভ হত্যা কৰা বন্ধ কৰক, সাংবাদিক দুজনক বিনাৰ্তে মুক্তি দিয়ক, মৈৰাবাৰী আৰক্ষী হায় হায়, অসম পুলিচ হায় হায়, অ'চি ছাব্বিৰ আলিক নিলম্বন কৰক, ইনক্লাৱ জিন্দাবাদ, সাংবাদিকৰ দাবী মানিব লাগিব, ছাব্বিৰ আলিৰ ধম দাদাগিৰি নচলিব আদি বিভিন্ন শ্ল'গান দিয়ে । কাৰ্যসূচীত বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছৰ সমূহ সাংবাদিকৰ লগতে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক পাপলু গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চিলাপথাৰ আঞ্চলিক ৰ সভাপতি হিতেশ ডেকা সম্পাদক বিপ্লৱ বৰ্মন বিতু দত্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিকৰ সভাপতি মুহিম বৰগোহাঁই সম্পাদক মনোজ নাওলীয়া, ধেমাজি জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি দীপক দেৱনাথ, চিলাপথাৰ আঞ্চলিকৰ সভাপতি সজল নাথ, সম্পাদক অজিত নাথ, ভৈৰৱপুৰ আঞ্চলিকৰ সম্পাদক প্ৰেমানন্দ নাথ, আনিছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুজিত নাথ, চিলাপথাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা সম্পাদক আয়ুস চেত্ৰীকে ধৰি দুই শতাধিক দল সংগঠনৰ কৰ্মকৰ্তাৰ উপস্থিত থাকে ।

Post a Comment

0 Comments