TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ঔপন্যাসিক অতুলানন্দ গোস্বামীৰ বিয়োগত কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ শোক

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ২৭ জুলাই: অসমৰ লব্ধ প্ৰতিস্থ সাহিত্যিক, ঔপন্যাসিক, সাহিত্য অকাডেমি বঁটা প্ৰাপক অতুলানন্দ গোস্বামীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে। এক শোক বাৰ্তাত কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, বিশিষ্ট কবি ৰূপজ্যোতি দত্তই সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তি অসমীয়া ভাষা-সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি হ'ল বুলি অভিহিত কৰিছে। ইফালে আন এক শোক বাৰ্তাত সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ-সভাপতি, হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া, প্ৰচাৰ সম্পাদক ভৱানন্দ্ৰ ৰাজখোৱা, উত্তৰ লখিমপুৰ নগৰ আঞ্চলিক সমিতিৰ সভাপতি সিদ্ধাৰ্থ শংকৰ শইকীয়া আৰু সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তই বিশিষ্ট ঔপন্যাসিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে।

Post a Comment

0 Comments