TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ধেমাজিত মনজিৎ গগৈ সোঁৱৰণী চুটি গল্প প্ৰতিযোগিতা

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ,২৮ জুন: অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধেমাজি সাহিত্য সভাৰ উদ্যোগত বিগত বছৰ সমূহৰ দৰে এইবছৰো ১৭ সংখ্যক সদৌ অসম মনজিৎ গগৈ সোঁৱৰণী চুটগল্প প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ ৰাজ্যৰ অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতালৈ অসমীয়া ভাষাত লিখা এটাকৈ চুটিগল্প প্ৰেৰণ কৰিব পাৰিব ৷গল্প প্ৰেৰণ কৰাৰ সময়ত প্ৰতিযোগীয়ে নিজৰ নাম - ঠিকনা , বিদ্যালয় - মহাবিদ্যালয়ৰ নামৰ উপৰি ফোন নম্বৰ প্ৰেৰণ কৰিব লাগিব ৷ইচ্ছুক প্ৰতিযোগীয়ে অহা ২৫ জুলাইৰ ভিতৰত দীপেন ভিতৰুৱাল কোঁৱৰ, সম্পাদক, ধেমাজি সাহিত্য সভা, প্ৰযত্নে : ধেমাজি সাহিত্য সভা ভৱন, পদ্মনাথ গোহাঞি বৰুৱা পথ, ধেমাজি _ ৭৮৭০৫৭ , দূৰভাষ নং : ৭০০২৮৯১২০৮ ৰ ঠিকনাত ডাকঘৰৰ জৰিয়তে অথবা ইমেইল : dipenbkonwar2016@ gmail.com লৈ চুটিগল্প প্ৰেৰণ কৰিব পাৰিব ৷ বিজয়ী প্ৰতিযোগীক অহা ১৬ আগষ্টত ধেমাজি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'বলগীয়া মনজিত গগৈৰ স্মৃতিচাৰণ অনুষ্ঠানত নগদ ধন , কিতাপৰ টোপোলা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব ৷ উল্লেখযোগ্য যে ধেমাজি জিলা প্ৰশাসনে ২০০৪ ত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসত অংশ গ্ৰহণ কৰিবলৈ গৈ দুষ্কৃতিকাৰীৰ বোমা বিস্ফোৰণত নিহত ১৩ গৰাকী শিশু - মহিলাৰ ভিতৰৰে নিহত হোৱা ফুলকুমলীয়া মেধাৱী ছাত্ৰ মনজিত গগৈৰ পৰিয়ালে ধেমাজি সাহিত্য সভাক আগবঢ়োৱা ন্যাস পুঁজিৰ পৰা বিগত ১৬ বছৰে ধাৰাবাহিকভাৱে অসমৰ ছাত্ৰ - ছাত্ৰীৰ মাজত বৌদ্ধিক বিকাশৰ বাবে এই চুটিগল্প প্ৰতিযোগিতা আয়োজন কৰি আহিছে ৷

Post a Comment

0 Comments