TOP NEWS

6/recent/ticker-posts

Header Ads Widget

অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত জৰ্জিয়াৰ ৰাষ্ট্ৰদূত

ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, জুন ২২: জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্ছিল জুলিয়াছভিলিয়ে আজি অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত উপস্থিত হৈ মধ্যযুগৰ জৰ্জিয়ান মহাকবি ছোটা ৰুস্তাভেলীৰ ‘দ্য নাইট ইন দ্য পেন্থাৰ্ছ স্কীন’ৰ অসমীয়া ৰূপান্তৰ ‘বাঘছাল পিন্ধা বীৰ’ গ্ৰন্থখন সাদৰেৰে গ্ৰহণ কৰে৷ পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত আজি আয়োজিত এক অনানুষ্ঠানিক অনুষ্ঠানত জৰ্জিয়াৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কেবল এই গ্ৰন্থখনৰ বাবেই দিল্লীৰ পৰা আহি উপস্থিত হয় আৰু গ্ৰন্থখন নিজে উন্মোচন কৰি সসন্মানেৰে গ্ৰন্থখন হাতত তুলি আপ্লুত হৈ পৰে৷ গ্ৰন্থখন গ্ৰহণ কৰি ৰাষ্ট্ৰদূত আৰ্ছিল জুলিয়াছভিলিয়ে অতি আৱেগিকভাৱে ভাৰত আৰু জৰ্জিয়াৰ মাজৰ দীৰ্ঘদিনীয়া সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰে৷ বিশিষ্ট অনুবাদক-লেখক গোলোক চন্দ্ৰ দত্তই ১৯৬৯ চনতে অনুবাদ কৰা আৰু অসম প্ৰকাশন পৰিষদে গ্ৰন্থখন সম্প্ৰতি প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত অসমৰ মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক ৰাষ্ট্ৰদূতগৰাকীয়ে আন্তৰিক শলাগ লয়৷ ভাষণ প্ৰসংগত জুলিয়াছভিলিয়ে–অসম প্ৰকাশন পৰিষদৰ সভাপতি তথা শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু সচিব প্ৰমোদ কলিতা প্ৰমুখ্যে পৰিষদৰ সকলো সদস্য আৰু বিষয়া-কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে৷ এগৰাকী ভাৰতীয় বীৰৰ বীৰত্ব আৰু জীৱন গাঁথাক পটভূমি হিচাপে লৈ দ্বাদশ শতিকাতে মহান জৰ্জিয়ান কবি ছোটা ৰুস্তাভেলীয়ে ‘দ্য নাইট ইন দ্য পেন্থাৰ্ছ স্কীন’ নামৰ মহাকাব্যখন ৰচনা কৰিছিল৷ জৰ্জিয়ান স্বৰ্ণযুগৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ কবি তথা জৰ্জিয়ান সাহিত্যৰ মহত্ত্বম স্ৰষ্টা ছোটা ৰুষ্টাভেলীৰ এই কাব্যগ্ৰন্থখন ‘বাঘছাল পিন্ধা বীৰ’ নাম দি অসমীয়ালৈ প্ৰথম গদ্য অনুবাদ কৰে অনুবাদক দত্তই৷ ইতিমধ্যে পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুদিত, জৰ্জিয়ান দৰ্শন, কলা আৰু চিন্তাৰে পুষ্ট ছোটা ৰুস্তাভেলীৰ এই মহৎ কাব্য গ্ৰন্থখনৰ প্ৰথম অসমীয়া গদ্য অনুবাদ হাতত লৈ ৰাষ্ট্ৰদূত জুলিয়াছভিলিয়ে প্ৰয়াত গোলোক চন্দ্ৰ দত্তৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷ ৰাষ্ট্ৰদূতগৰাকীয়ে এনে প্ৰেৰণাদায়ক কাৰ্যই জৰ্জিয়া আৰু ভাৰতৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক অধিক দৃঢ. কৰিব বুলিও মত প্ৰকাশ কৰে৷ ৰাষ্ট্ৰদূত জুলিয়াছভিলিয়ে এই অনুবাদ গ্ৰন্থখন নিজ দেশৰ প্ৰতিটো গ্ৰন্থাগাৰত উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিব বুলিও ঘোষণা কৰে৷ আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অসমৰ শিক্ষা বিভাগৰ উপদেষ্টা ড: ননীগোপাল মহন্ত, গোলোক চন্দ্ৰ দত্তৰ পুত্ৰ-লেখক, চলচ্ছিত্ৰ নিৰ্মাতা উৎপল দত্ত, বোৱাৰী সুলেখিকা নম্ৰতা দত্তকে ধৰি পৰিষদৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ অনুষ্ঠানত ড: মহন্ত আৰু লেখক দত্তই ৰাষ্ট্ৰদূতগৰাকীৰ লগত সাংস্কৃতিক আৰু সামাজিক বহু প্ৰসংগক লৈ আলোচনা কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে জৰ্জিয়াৰ ৰাষ্ট্ৰদূতগৰাকীক পৰিষদৰ সচিব প্ৰমোদ কলিতাই গামোছা, চেলেং আৰু পৰিষদৰ দ্বাৰা প্ৰকাশিত ‘হস্তীবিদ্যাৰ্ণৱ’ গ্ৰন্থৰে আদৰণি জনায়৷

Post a Comment

0 Comments