ষ্টাফ ৰিপ'ৰ্টাৰ,
বৰপেটা, জুন ২১: বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে আজি বৰপেটাতো অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। বৰপেটাৰ অফিচাৰ্ছ ক্লাৱত আয়োজিত যোগ দিৱসৰ জিলা ভিত্তিক কেন্দ্ৰীয় অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, আমাৰ শৰীৰ আৰু মন পৰস্পৰৰ পৰিপূৰক। শৰীৰ ভালে থাকিলেহে মন ভালে থাকিব আৰু মন ভালে থাকিলে শৰীৰো ভালে থাকে। যোগাভ্যাসে আমাৰ শৰীৰ আৰু মন উভয়কে সন্তুলিত কৰে আৰু সুস্থ সৱল, নিৰোগী জীৱন যাপনত সহায় কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, এই যোগাভ্যাস আমাৰ দৈনন্দিন কৰ্ম-সূচীৰ অঙ্গ কৰি লোৱা উচিত। আজিৰ অনুষ্ঠানত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলা উন্নয়ন আয়ুক্ত নৱজ্যোতি ওজা, অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা পৰিবহন বিষয়া অপূৰ্ব কুমাৰ দাস, যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা পশুপালন তথা পশুচিকিৎসা বিষয়া ডা প্ৰবীন কুমাৰ দাস, বৰপেটা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধৰিত্ৰী এম্ফি , সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰীৰ উপৰি বিজেপি নেতা হেমন্ত দেউৰীও উপস্থিত থাকে। নিৰ্বাচন বিষয়া ময়ুৰাক্ষী দত্তই আঁতধৰা প্ৰায় ডেৰ ঘন্টীয়া যোগ অনুষ্ঠানটো পৰিচালনা কৰে যোগাচাৰ্য ৰুবুল মিশ্ৰ আৰু সেৱা ভাৰতীৰ যোগ প্ৰশিক্ষক ৰূপম ওজাই। উল্লেখযোগ্য যে এইবাৰৰ যোগ দিৱসৰ এই অনুষ্ঠানটো মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল যদিও উক্ত স্থানত পানী জমা হোৱাত আৰু জিলাখন শেহতীয়া বানত ভীষণ ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ যোগ দিৱসৰ অনুষ্ঠান পৰিবৰ্তিত স্থানত অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় বুলি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জনাইছে। জিলাখনৰ বিভিন্ন অঙ্গনবাড়ী কেন্দ্ৰ আনকি বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ সমূহতো আজি যোগ দিৱস উদযাপন কৰা দেখা যায়।
0 Comments