অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সংস্কৃতি, সুৰীয়া গীত-মাত, লোকাচাৰ ইত্যাদিৰ সংৰক্ষণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : কেন্দ্ৰীয় গৃহমন্ত্ৰী
দিছপুৰ, ২৬ জুলাই : কেন্দ্ৰীয়
গৃহমন্ত্ৰী অমিত শ্বাহে আজি
মুখ্যমন্ত্ৰী ড॰ হিমন্ত
বিশ্ব শৰ্মাৰ উপস্থিতিত শ্ৰীমন্ত
শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত
বিটিআৰ তথা অসমৰ স্বাস্থ্য
খণ্ডৰ দিশত এক নতুন
অধ্যায়ৰ সূচনা কৰি ৪৩০খন
বিছনাযুক্ত তামোলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা
স্থাপন কৰে৷ উক্ত অনুষ্ঠানতে
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ক’ভিডত আক্ৰান্ত
হৈ মৃত্যুবৰণ কৰা লোকসকলৰ নিকটাত্মীয়ৰ
বাবে ৰাজ্য চৰকাৰে আৰম্ভ
কৰা ‘প্ৰাৰ্থনা’ আঁচনিৰ অধীনত তিনিগৰাকী
হিতাধিকাৰীক ১ লাখ টকাকৈ
চেক প্ৰদান কৰি আঁচনিখন
আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়
যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ
লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত
চলি থকা উন্নয়নৰ বাবেই
অসমত মুখ্যমন্ত্ৰী ড॰ হিমন্ত
বিশ্ব শৰ্মাৰ নেতৃত্বত দ্বিতীয়বাৰৰ
বাবে বিজেপি আৰু ইয়াৰ
মিত্ৰজোঁটৰ চৰকাৰক অসমৰ ৰাইজে
শাসন ক্ষমতাত অধিষ্ঠিত কৰিছে৷ পূৰ্বতে অসমৰ
ৰাইজৰ আন্দোলন নকৰিলে একো নাপায়
বুলি যি ধাৰণা আছিল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ধাৰণা
সম্পূৰ্ণ সলনি কৰি সমগ্ৰ
উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ উন্নয়নক
বিশেষ প্ৰাধান্য দি বহু সংখ্যক
মান-সম্পন্ন আন্তঃগাঁথনিমূলক প্ৰকল্প প্ৰদান কৰিছে বুলিও
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়৷ বৰ্তমান অসমত
বিকাশৰ বাবে কোনো আন্দোলনৰ
প্ৰয়োজন নাই, জনসাধাৰণৰ সহযোগহে
প্ৰয়োজন বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে
নিজৰ ভাষণ প্ৰসংগত কয়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে ইতিহাসত
নজিৰ সৃষ্টি কৰি সমগ্ৰ
উত্তৰ-পূৰ্বাঞ্চলৰ প্ত জনকৈ মন্ত্ৰী
কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হৈছে বুলিও তেওঁ
কয়৷ ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদীয়ে অসম তথা
উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ দিশত যে
উচ্ছ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে
সেইটো প্ৰমাণিত হৈছে বুলি তেওঁ
মন্তব্য কৰে৷ তেওঁ কয়
যে বৰ্তমান মুখ্যমন্ত্ৰী ড॰ হিমন্ত
বিশ্ব শৰ্মাই অসমক আগুৱাই
নিয়াৰ দায়িত্ব লৈছে আৰু আগন্তুক
৫ বছৰৰ ভিতৰত ৰাজ্যখনৰ
জনসাধাৰণে গৰ্ব কৰিব যে
তেওঁলোকে এগৰাকী উপযুক্ত ব্যক্তিৰ
সপক্ষে জনাদেশ প্ৰদান কৰিছে৷
তেওঁ লগতে কয় যে
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ
ভাষা-সংস্কৃতি, সুৰীয়া গীত-মাত,
লোকাচাৰ, খাদ্য সম্ভাৰ ইত্যাদিকে
ধৰি ইয়াৰ বৰ্ণাঢ্য সকলো
সমল সংৰক্ষণৰ বাবে বিজেপি চৰকাৰ
বদ্ধপৰিকৰ৷ ভাষণ প্ৰসংগত কেন্দ্ৰীয়
গৃহমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডত অসমে লাভ
কৰা অগ্ৰগতিসমূহৰো বিশেষভাৱে আলোকপাত কৰি ইয়াৰ বাবে
ৰাজ্য চৰকাৰৰ পদক্ষেপক প্ৰশংসা
কৰে৷ তামোলপুৰত হ’বলগীয়া চিকিৎসা
মহাবিদ্যালয়খন এখন সাধাৰণ চিকিৎসা
মহাবিদ্যালয় নহয় বুলি উল্লেখ
কৰি তেওঁ কয় যে
এয়া হৈছে বিটিআৰ চুক্তিৰ
এক অন্যতম দফা পূৰণৰ
ফল৷ দেশৰ স্বাধীনতাৰ ৭৫
বছৰ পূৰ্তিৰ আগতে বিটিআৰ চুক্তিৰ
সকলো প্ৰতিশ্ৰুতি পূৰণ হ’ব বুলিও
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি
মুখ্যমন্ত্ৰী ড॰ হিমন্ত
বিশ্ব শৰ্মাই অতি ব্যস্ততাপূৰ্ণ
কাৰ্যসূচী সত্ত্বেও ৰাজ্য চৰকাৰৰ অনুৰোধত
ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ কেইবাটাও যুগান্তকাৰী
আন্তঃগাঁথনি নিৰ্মাণ তথা উদ্বোধন কৰিবলৈ
অসমত আহি উপস্থিত হোৱা
বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আন্তৰিক
ধন্যবাদ জ্ঞাপন কৰে৷ কেন্দ্ৰীয়
গৃহমন্ত্ৰী অমিত শ্বাহৰ মাৰ্গদৰ্শনতে
বিটিআৰ চুক্তি সম্পাদন হৈছিল
বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে
মন্তব্য কৰে যে ই
কোনো সাধাৰণ চুক্তি নহয়৷
এই চুক্তিয়ে এখন একত্ৰিত অসম
গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ
ভূমিকা গ্ৰহণ কৰি ভাষা-সংস্কৃতি সংৰক্ষণেৰে উন্নয়নৰ এক নতুন বাট
মুকলি কৰিছে বুলি তেওঁ
মন্তব্য কৰে৷ ইয়াৰ বাবে
ৰাজ্যখনৰ ইতিহাসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী
অমিত শ্বাহৰ নাম সোণালী
আখৰেৰে লিখা থাকিব বুলিও
মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয়
যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী
অমিত শ্বাহৰ নেতৃত্বত এতিয়া
সোণোৱালী অসম নিৰ্মাণৰ কাম
চলি আছে৷ তেওঁ লগতে
কয় যে বিটিআৰ চুক্তি
সম্পাদনৰ প্ৰথম বছৰতেই চুক্তিখনৰ
বহুকেইটা গুৰুত্বপূৰ্ণ দফা ইতিমধ্যে ৰূপায়িত
হৈছে আৰু এই চুক্তিখন
স্বাক্ষৰৰ দুবছৰ পূৰ্ণ হোৱাৰ
পূৰ্বে আটাইকেইটা দফা পূৰণ হ’ব৷ ভাষণ প্ৰসংগত
মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ
৬টা দশকৰ ভিতৰত অসমত
মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয়
স্থাপন কৰা হৈছিল৷ কিন্তু
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত কেইবাখনো
নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰাকে ধৰি
সৰ্বমুঠ ২৩খন চিকিৎসা মহাবিদ্যালয়
নিৰ্মাণৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে বুলিও মুখ্যমন্ত্ৰীয়ে
কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিডত
আক্ৰান্ত হৈ পিতৃ-মাতৃক
হেৰুওৱা শিশুসকলৰ বাবে গ্ৰহণ কৰা
মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি,
ক’ভিডত আক্ৰান্ত হৈ
স্বামীক হেৰুওৱা মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীৰ বিধবা
সাহায্য আঁচনিৰ লগতে আজি
‘প্ৰাৰ্থনা’ নামৰ
আঁচনিখনৰ জৰিয়তে ৰাজ্যখনত ক’ভিডৰ ফলত মৃত্যু
হোৱা ৫১১৪ গৰাকী ব্যক্তিৰ
নিকটাত্মীয়লৈ ৰ লাখ টকাকৈ
সাহায্য প্ৰদানৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হৈছে বুলিও
কয়৷ আগন্তুক ১৫ আগষ্টৰ ভিতৰত
প্ৰতিখন জিলাৰে এনে পৰিয়ালে
এই সাহায্যৰ ধন লাভ কৰিব
বুলি উল্লেখ কৰি ৰাজ্য
চৰকাৰে এনে জনকল্যাণমূলক আঁচনি
ভৱিষ্যতেও গ্ৰহণ কৰি থাকিব
বুলি তেওঁ কয়৷
ৰাজ্য চৰকাৰৰ মুখ্য
সচিব জিষ্ণু বৰুৱাই আদৰণী
ভাষণ প্ৰদান কৰা আজিৰ
এই অনুষ্ঠানত স্বাস্থ্য তথা পৰিয়াল কল্যাণ
বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিটিআৰৰ
মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়েও
ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত
অসম বিধান সভাৰ অধ্যক্ষ
বিশ্বজিৎ দৈমাৰী, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও
মন্ত্ৰী, বিধায়কৰ লগতে উচ্ছপদস্থ বিষয়াসকল
উপস্থিত থাকে৷
ইয়াৰ পূৰ্বে কেন্দ্ৰীয়
গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত
বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটী
চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন
বিকিৰণ চিকিৎসা বিভাগ মুকলি কৰাৰ
লগতে অত্যাধুনিক তথা বিশ্বমানৰ ট্ৰু
বীম লিনিয়াৰ এক্সেলেৰেটৰ [লিনাক] যন্ত্ৰৰ সেৱাও
ৰাইজৰ বাবে মুকলি কৰে৷
ইয়াৰ পাছতে তেওঁ গুৱাহাটী
মেডিকেল কলেজৰ অধ্যক্ষ, ৰাজ্যিক
কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক আৰু চিকিৎসকসকল তথা
আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু
টাটা ট্ৰাষ্টৰ প্ৰতিনিধিৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ
কৰে৷ এই কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী
কেশৱ মহন্তৰ লগতে স্বাস্থ্য
বিভাগ তথা প্ৰশাসনৰ শীৰ্ষ
বিষয়াসকলো উপস্থিত আছিল৷
0 Comments