বৰপেটা,
৭ জুন
: বৰপেটা জিলাৰ উপায়ুক্ত তেজ
প্ৰসাদ ভূচালে আজি বাঘবৰ
আৰু মন্দিয়া অঞ্চল ভ্ৰমণ কৰি
সেই অঞ্চলৰ কৃষি খণ্ডৰ
আৰু কৃষক সকলৰ অৱস্থা
পৰ্যবেক্ষণ কৰে। তেওঁ
স্থানীয় কৃষক সকলৰ সৈতে
বাৰ্তালাপ কৰি সাম্প্ৰতিক অৰ্দ্ধ
লক ডাউন জনিত পৰিস্থিতিত
কৃষক সকলে সন্মূখীণ হোৱা
সমস্যাৰ বুজ লয়।
কৃষক সকলে জানিবলৈ দিয়া
মতে সান্ধ্য আইন আৰম্ভ হোৱাৰ
সময়ত ৰঙালাও কেজি দুটকা
দৰত বিক্ৰি কৰিব লগীয়া
হৈছিল যদিও এতিয়া তেওঁলোকে
অন্তত: ৫-৬ টকা
দাম পাইছে। জিলা
প্ৰশাসনে গুৱাহাটীলৈ সামগ্ৰী প্ৰেৰণৰ বাবে লোৱা ব্যৱস্থা
কৰাৰ ফলতে কৃষক সকলে
কিছু মূল্য পাবলৈ সক্ষম
হৈছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য
যে জিলা উপায়ুক্ত গৰাকীৰ
নিৰ্দেশ ক্ৰমে জিলা কৃষি
বিভাগে যোৱা সপ্তাহত বাঘবৰ
অঞ্চলৰ পৰাই প্ৰায় ৯০
কুইন্টল ৰঙালাউ গুৱাহাটীৰ বজাৰলৈ প্ৰেৰণ
কৰিছিল। জিলা
তথ্য আৰু জনসংযোগ বিষয়া
বিকাশ শৰ্মাই জনোৱা মতে
ৰঙালাউৰ উপৰি যোৱা সপ্তাহত
৪০ কুইন্টল তৰমুজ, ২০০০ গোট
নেমু টেঙা আৰু বৃহৎ
পৰিমানৰ আন শাক-পাচলি
ৰাজ্যৰ অন্য অংশলৈ প্ৰেৰণ
কৰা হৈছে । ইয়াৰ
ফলতে পাচলিৰ বজাৰত ক্ৰমাৎ
সুস্থিৰতা উভতি অহা পৰিলক্ষিত
হৈছে। উল্লেখযোগ্য
যে বৰপেটা কৃষি উৎপাদনত
আগবঢ়া জিলা হোৱা হেতুকে
কিছুমান শস্য প্ৰচুৰ পৰিমাণে
উৎপাদন হয়।
0 Comments