নিউজ ডেস্ক, ৬ জুন: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সোনকালেই পুনৰ দেখা যাব ৰাষ্ট্ৰীয় ৰাজনীতিত । অৱশ্যে ইয়াৰ পূৰ্বেও ২০১৬ৰ আগলৈকে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল সৰ্বানন্দ সোণোৱালে । কিন্তু সম্প্ৰতি লোকসভা নিৰ্বাচনলৈ যিহেতু যথেষ্ঠ সময় বাকী আছে সেয়েহে দলৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শত ৰাজ্যসভালৈ নিৰ্বাচিত হৈ যাবলৈ সাজু হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক শীৰ্ষ সুত্ৰই এই কথা জানিবলৈ দিছে । ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ বাবে তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছে । ফলত ৰাজ্যসভাত খালী হ’ল এখন আসন । সেইখন আসনতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সৰ্বানন্দ সোণোৱালক জয়ী কৰাই নিয়াৰ চিন্তা-চৰ্চা কৰিছে । সেই অনুসৰি ৰাজ্যসভালৈ নিৰ্বাচিত কৰি নি কেন্দ্ৰীয় মন্ত্ৰীসভাত কোনো এক গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পুনৰবাৰ সোণোৱালৰ ওপৰত অৰ্পণ কৰা হ’ব । ইপিনে বিজেপিৰ অভ্যন্তৰত আৰু একাংশ জ্যেষ্ঠ নেতাক ৰাজনৈতিকভাৱে সংস্থাপিত কৰাৰ চেষ্টা চলোৱা হৈছে । বিশেষকৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰথমটো পৰ্যায়ত অন্তৰ্ভূক্ত নোহোৱা একাংশ জ্যেষ্ঠ বিধায়ক, প্ৰাক্তন মন্ত্ৰী আদিক ক’ত কেনেদৰে সংস্থাপিত কৰা হ’ব তাক লৈ হিচাপ-নিকাচ চলিছে বিজেপিৰ ভিতৰচ’ৰাত । সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰঞ্জিত দত্ত, হিতেন্দ্ৰ নাথ গোস্বামী আদিৰ দৰে একাংশ নেতাকো খুব সোনকালেই পুনৰ সংস্থাপিত কৰা হ’ব ।
0 Comments