বৰপেটা, ৬ জুন : মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি দি ৰাজ্যৰ প্ৰতিজন লোকক বিনামূলীয়াকৈ কৰোনাৰ প্ৰতিষেধক প্ৰদানৰ স্বাৰ্থত বৰপেটা ৰোডৰ বিশিষ্ট ব্যৱসায়ী ৰাধা কিষন আগৰৱালাই মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছে। বৰপেটা ৰোডৰ নিৰ্মল ইন্দাছট্ৰিজৰ হৈ আগৰৱালাই এখন চেক যোগে এই ধন কালি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ হাতত অৰ্পন কৰে। উপযুক্ত ভূচালে ইয়াৰ বাবে উদ্যোগী গৰাকীৰ শলাগ লয় আৰু সকলো শ্ৰেণীৰ লোককে এই মহান উদ্দেশ্যৰ বাবে মুক্ত হস্তে দান-বৰঙণি আগবঢ়াৱলৈ আহ্বান জনায়।
0 Comments