TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বজালীত কভিডৰ সংক্ৰমণ নিম্নগামী নিম্নগামী




বজালী,  জুন : ক্ৰমাৎ কভিডৰ সংক্ৰমণ নিম্নগামী  হোৱাৰ দিশত অগ্ৰসৰ হৈছে  বজালী  জিলা  ।  বজালী  জিলাৰ  ভিন্ন  প্ৰান্তৰ নগৰ  , গ্ৰামাঞ্চল ,  বাট-পথ, ৰেলষ্টচন   সকলোতে  যোৱা  কেইবাদিনো  ধৰি  কভিড  পৰীক্ষা কৰা  ব্যৱস্হা  নিৰন্তৰ  অব্যাহত  ৰখা  হৈছে  ।ভৱানীপুৰ  প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত  পজিটিভৰ  পৰিমাণ  আছিল  1  জুনত  2.46%  ,2 জুনত 0% ,  3 জুনত  0.68 % আৰু  4  জুনত    0.32 % . আনহাতে  নিত্যানন্দ  প্ৰাথমিক  স্বাস্হ্য  কেন্দ্ৰৰ অধীনত  পজিটিভৰ  সংখ্যা  আছিল  1 জুনত   3.7% , 2 জুনত 1.34%  , 3  জুনত ,  6.36 %  আৰু 4 জুনত   পজিটিভ  হৈছে    3.8%  । ইফালে  কালি  তিনি  জুনত   বজালী ৰাজহ চক্ৰৰ  অন্তৰ্গত  ডুবি  (মালিপাৰা) ৰ সমীপৰ  দঙৰপাৰ   চুবাত  আক্ৰান্তৰ  সংখ্যা  বৃদ্ধি পোৱাত  জিলা  প্ৰশাসনে  উক্ত  এলেকাক আজি কণ্টেইনমেণ্ট  জোন  হিচাপে  ঘোষণা  কৰিছে  ।  জিলাৰ  উপায়ুক্তই  পঞ্চাশ উৰ্ধৰ  আক্ৰান্ত  ব্যক্তিক  হোম  আইছ'লেছনত নাথাকি  কভিড  কেন্দ্ৰত  ভৰ্তি  হোৱাৰ  বাবে  আহ্বান  জনাইছে  ।  উল্লেখ্য  পাটাছাৰকুছিস্হিত  নিৰ্মল হালৈ কলেজত  স্হাপন কৰা  কভিড  কেন্দ্ৰত  পঞ্চাশ খন  বিচনা  সাজু  কৰি  ৰখাৰ  লগতে অক্সিজেন  কনচেনট্ৰেটৰো  স্হাপন  কৰা  হৈছে  ।  কভিড  সম্পৰ্কীয়  সম্ভাব্য  সকলো  পৰিস্হিতিৰ  লগত  মোকাবিলা  কৰাৰ  বাবে  জিলা  প্ৰশাসন  তৎপৰ   হৈ  আছে  । সকলোৱে  যাতে  সহজতে  কভিড  পৰীক্ষা কৰিব  পাৰে  তাৰ  বাবে  প্ৰয়োজনীয় পদক্ষেপ  লবলৈ  স্বাস্হ্য বিভাগক উপায়ুক্তই  নিৰ্দেশ  দিছে ।আনহাতে জিলা উপায়ুক্তই   যি সকলে  এতিয়াও  কভিড  পৰীক্ষা  কৰা  নাই  তেওলোকক পৰীক্ষা কৰিবলৈ  আহ্বান  জনাইছে 

Post a Comment

0 Comments