TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ লক্ষ্য হৈছে শিক্ষাৰ ক্ষেত্ৰত ৰূপান্তৰমূলক সংস্কাৰৰ পথ প্ৰশস্ত কৰা : মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, ৮ ছেপ্টেম্বৰ: ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ উপস্থিতিত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বাৰানসী সন্মিলনৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০, সফল ৰূপায়ণ সম্পৰ্কীয় এক সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অসম চৰকাৰৰ উচ্ছ শিক্ষা বিভাগ আৰু ৰাজ ভৱন, অসমৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছিল৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কীয় এই সন্মিলন আয়োজনৰ পদক্ষেপ গ্ৰহণৰ বাবে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ লেখীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যিক গৱেষণা ফাউণ্ডেশ্যন স্থাপন কৰিব৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত নিজৰ পৰ্যবেক্ষণ আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱিত এই গৱেষণা ফাউণ্ডেশ্যনে উদ্ভাৱনীমূলক গৱেষণাৰ কাম-কাজ দ্ৰুত কৰাৰ লগতে ইয়াৰ ফলপ্ৰসূ দিশসমূহে শিক্ষাখণ্ডৰ ৰূপান্তৰ সাধনতো অৰ্থৱহ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ প্ৰতি দায়বদ্ধ৷ তেওঁ কয় যে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ শিক্ষাখণ্ডৰ বাবে নিদ্ধৰ্াৰণ কৰাৰ বিষয়টোৱে ৰাজ্য চৰকাৰৰ মানৱ সম্পদ বিকাশৰ বাবে থকা দায়বদ্ধতাৰ কথাকে সূচাইছে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আৰু কৌশলৰ ৰূপৰেখা দাঙি ধৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ভাৰতীয় জ্ঞান পদ্ধতিটোৰ ওপৰত গুৰুত্ব দি উচ্ছ শিক্ষানুষ্ঠানসমূহক পৰীক্ষামূলক শিক্ষণত মনোনিৱেশ কৰিব পৰাকৈ পাঠ্যক্ৰমৰ মাজেৰে শিক্ষা বিজ্ঞান আৰু সামগ্ৰিক শিক্ষাৰ সৈতে একত্ৰিত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব৷ তেওঁ লগতে কয় যে চৰকাৰে দায়বদ্ধ, গৱেষণা আৰু ডিজিটাইজেশ্যনৰ সৈতে শৈক্ষিক বিষয়সমূহ সামৰি ল’ব পৰাকৈ এক সামগ্ৰিক পৰিকাঠামো স্থাপনৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে৷ তেওঁ লগতে কয় যে উচ্ছ শিক্ষা বিভাগে অন্যান্য সম্পৰ্কীয় বিভাগৰ সৈতে সহযোগিতা কৰি বজাৰৰ প্ৰয়োজনীয়তা অনুসৰি উদ্যোগৰ বাবে সম্ভাব্য কৰ্মশক্তি, দক্ষতা প্ৰদৰ্শন কৰিব পৰাকৈ দক্ষতা আৰু প্ৰশিক্ষণৰ আৰ্হি প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীসকলক ষ্টাৰ্ট আপ ইক’ ছিষ্টেম আৰু উদ্যোগীকৰণৰ পৰিসৰত সহায় কৰিব পৰাকৈ গঢ়ি তুলিব বিচাৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে উদ্যোগীকৰণৰ দিশত উৎসাহিত কৰিবলৈ বঙাইগাঁও, শিলচৰ, ডিব্ৰুগড় আৰু তেজপুৰত চাৰিটা নেন’ ইনকুবেশ্যন চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অনুষদ সদস্যসকলক [ফেকািŒI× মেম্বাৰ্চ] উন্নত প্ৰদৰ্শনৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যৰে ৰাজ্যত বাৰ্ষিক কৰ্মদক্ষতা মূল্যায়ন সূচাংক প্ৰৱৰ্তন কৰা হ’ব৷ তেওঁ লগতে কয় যে অধ্যাপকসকলক সামৰ্থ বিকাশৰ বাবেও প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে ছাত্ৰ-ছাত্ৰীসকলক কেবল শিক্ষক হিচাপে নহয়, গুৰু আৰু গাইড হিচাপেও সহায় কৰিবলৈ সক্ষম হয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমে গুণোৎসৱৰ মাধ্যমেৰে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সন্দৰ্ভতো গুণগত মূল্যায়নৰ এক বৈপ্লৱিত পদক্ষেপ গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ হৈছে প্ৰধানমন্ত্ৰীৰ নতুন আৰু পুনৰুত্থানশীল ভাৰতৰ পৰিকল্পনাৰ এক অংশ৷ ১৯৮৬ চনৰ ৩৪ বছৰীয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ঠাইত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ গ্ৰহণ কৰাৰ মূল লক্ষ্য হৈছে দেশৰ বিদ্যালয় আৰু উচ্ছ শিক্ষা ব্যৱস্থাত ৰূপান্তৰমূলক সংস্কাৰৰ পথ প্ৰশস্ত কৰা৷ তেওঁ লগতে কয় যে সকলো বিশ্ববিদ্যালয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ উপাদানসমূহ কাৰ্যকৰী কৰিবলৈ আৰু অসমত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ দিশত থকা বিশ্ববিদ্যালয় সম্পৰ্কীয় বিশেষ বিষয়সমূহ সমাধানৰ বাবে ক’ৰ কমিটী গঠন কৰিব লাগে৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ সচিবালয়ক এই সন্মিলন আয়োজন কৰাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে৷ এই সন্মিলনে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত প্ৰভাৱ পেলোৱা বাধাসমূহৰ বিষয়ে আলোচনা কৰাৰ দিশতো এক মঞ্চ প্ৰদান কৰিছে৷ তেওঁ লগতে কয় যে এই সন্মিলনৰ ফলাফল হিচাপে সকলো অংশীদাৰীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আখৰে আখৰে ৰূপায়ণ কৰাৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰাৰ দিশতো সংকল্পবদ্ধ হ’ব লাগিব৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলনত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড॰ ননী গোপাল মহন্ত, আচাৰ্য সচিবালয়ৰ উপদেষ্টা অধ্যাপক মিহিৰ কান্তি চৌধুৰী, উপাচাৰ্য, ইউ জি চি, এ আই চি টি ইৰ প্ৰতিনিধিবৰ্গ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Post a Comment

0 Comments