TOP NEWS

6/recent/ticker-posts

Header Ads Widget

দুৰ্গোৎসৱত বাৰ, সুৰা, জুৱা, তীৰ খেল নিয়ন্ত্ৰণ কৰক: কোচ-ৰাজবংশী সংগ্ৰাম সমিতি

ষ্টাফ ৰিপটাৰ, উত্তৰ লখিমপুৰ ২৭ ছেপ্তেম্বৰ: অনাগত দুৰ্গোৎসৱ আৰু শংকৰ জন্মোৎসৱ উপলক্ষে সমগ্ৰ অসমবাসীলৈ শুভ-কামনা জনাই কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী-সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা চৰকাৰী ৰ্নীতি-নিদেৰ্শনা মানি ছলি শাৰদীয় দুৰ্গোৎসৱ আৰু শংকৰ জন্মোৎসৱ পৰ্ব পালন কৰিবলৈ অসমবাসী আটাইলৈকে অনুৰুধ জনাইছে। ৰাজ্যখনত উৎসৱৰ বতৰ ইতিমধ্যে আৰম্ভ হৈছে। দৰ্শমী তিথিত সমাপ্ত হ'ব লগীয়া দুৰ্গোৎসৱ ষষ্ঠীত প্ৰতিমা স্থাপনেৰে দৰ্শমীত বিসজন দিয়ে। সমসাময়িকভাৱেই শংকৰ জন্মোৎসৱৰো কাৰ্যসূচীত ৰাজ্যখনৰ আকাশ-বতাহ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। অসমৰ উক্ত দুয়োটি উৎসৱৰ বতৰত এফালে একাংশই অপসংস্কৃতিৰ কবলত পৰে আনফালে কিছুলোকে সুৰা, জুৱাখেল, তীৰখেলৰ ৰমৰমীয়া ব্যৱসায়ৰ বজাৰখন ছলাই নিয়াটো সৰ্বজনবিদীত। ৰাজ্যখনৰ আন জিলা সমূহৰ লগতে লখিমপুৰ জিলাৰ বিশেষকৈ উত্তৰ লখিমপুৰৰ নগৰ এলেকাত দুৰ্গা পূজাৰ বতৰত অসাধু চক্ৰই বাৰ-সুৰাৰ দোকানৰ লগতে জুৱা খেল- তীৰখেলৰ অবাধ হাৰত ছলোৱা পৰিলক্ষিত হৈ আহিছে। তদুপলক্ষে সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বিকাশ দত্ত, উপ- সভাপতি হেমন্ত কোচ, মিণ্টু বৰা, সাধাৰণ সম্পাদক নিতুল শইকীয়া আৰু কোচ- ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী-সভাপতি, যুৱ সাহিত্যিক ৰূপজ্যোতি দত্তই-প্ৰবিত্ৰ দুৰ্গোৎসৱ আৰু শংকৰ জন্মোৎসৱৰ উক্ত দিনকেইটিত এইবেলী কোনো পৰিস্থিতিতে যাতে বাৰ-সুৰা, জুৱা খেল, তীৰখেলৰ দোকান-পোহাৰ ইত্যাদিত অসামাজিক আৰু অপসংস্কৃতিৰ পয়োভৰ ঘটাই আনন্দত মতলীয়া হৈ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি হোৱাৰ পৰা ৰক্ষা পৰে তাৰ বিহীত সুব্যৱস্থা গ্ৰহণ কৰিবলৈ লখিমপুৰ জিলা আৰক্ষী বিভাগ, আবকাৰী বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্ধতম কতৃপক্ষৰ প্ৰতি আহ্বাণ জনাইছে। অন্যহাতে কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ উত্তৰ লখিমপুৰ নগৰ আঞ্চলিক সমিতিৰ সভাপতি সিদ্ধাৰ্থ শংকৰ শইকীয়া, কাৰ্যকৰী সভাপতি দেৱজিৎ দত্ত, যুটীয়া সাধাৰণ সম্পাদক মানস প্ৰতিম দত্তই দুৰ্গোৎসৱ আৰু শংকৰ জন্মোৎসৱৰ এই প্ৰবিত্ৰ সময়ছোৱাত চৰকাৰী ৰ্নীতি-নিয়ম সমূহ মানি ছলিবলৈ অসমবাসী ৰাইজক আহ্বাণ জনাইছে।

Post a Comment

0 Comments