TOP NEWS

6/recent/ticker-posts

Header Ads Widget

বিশিষ্ট সাহিত্যিক ড॰ প্ৰফুল্ল মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ২ ছেপ্টেম্বৰ : বিশিষ্ট সাহিত্যিক তথা সমাজতত্ত্ববিদ ড॰ প্ৰফুল্ল মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে৷ আজি এক শোকবাৰ্তাযোগে মুখ্যমন্ত্ৰীয়ে কয় যে ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’, ‘সমাজ নায়ক শংকৰদেৱ’ আদিকে ধৰি ভালেমান তত্ত্বগধুৰ গ্ৰন্থৰ প্ৰণেতা চিন্তাশীল লেখকগৰাকীয়ে তেওঁৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে৷ তদুপৰি এগৰাকী শিক্ষাবিদ হিচাপেও তেখেতে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াইছিল৷ ‘আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা’ [আবিলাক]ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা খ্যাতনামা বুদ্ধিজীৱীগৰাকীৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ড॰ প্ৰফুল্ল মহন্তৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

Post a Comment

0 Comments