TOP NEWS

6/recent/ticker-posts

Header Ads Widget

২২ ছেপ্টেম্বৰত ১২ হাজাৰ নিযুক্তি-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১ ছেপ্টেম্বৰ: এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অহা ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিব৷ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷ আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে যোৱা মে’ মাহত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছিল৷ ইয়াকে লৈ ৪২ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷ বিভিন্ন পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত এই ১২ হাজাৰ গৰাকী চাকৰি প্ৰাৰ্থীক বিভিন্ন বিভাগত আনুষ্ঠানিকভাৱে চৰকাৰী সেৱাত নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে যোৱা মে’ মাহত খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ৩০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হৈছিল৷ অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠানত গৃহ বিভাগৰ অধীনত কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদত প্ত, ২০০ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷ তদুপৰি লোকনিৰ্মাণ বিভাগৰ অধীনত ২৫৬ গৰাকী প্ৰাৰ্থীক সহকাৰী অভিযন্তা হিচাপে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, উচ্ছ শিক্ষা, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগসমূহত নিৰ্বাচিত হোৱা প্ৰাৰ্থীক বিভিন্ন পদবীত নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী সেৱাত আৰু ১২ হাজাৰ কৰ্মচাৰীয়ে নিযুক্তি লাভ কৰিলে পূৰ্বৰ তুলনাত ৰাজ্য চৰকাৰৰ কাম-কাজসমূহ বৰ্তমানৰ তুলনাত অধিক সূচাৰুৰূপে পৰিচালিত হ’ব৷ আজিৰ এই বৈঠকত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

Post a Comment

0 Comments