TOP NEWS

6/recent/ticker-posts

Header Ads Widget

লখিমপুৰত সোৱণশিৰি নদীয়েদি চোৰাং গৰু সৰবৰাহৰ অভিযোগ আছুৰ

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ১ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ সোৱণশিৰি নদীয়েদি নিয়মীয়াকৈ বহিঃৰাজ্যলৈ গৰু সৰবৰাহ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জিলা ছাত্ৰ সন্হাই ৷ সম্প্ৰতি সোৱণশিৰি নদীয়েদি নাগালেণ্ড, ধুবুৰী, নগাঁও আদিলৈ এটা বৃহৎ গৰু চোৰাংচক্ৰৰ দ্বাৰা গৰু সৰবৰাহ হৈ থকাৰ পিছতো জিলা প্ৰশাসনে গুৰুতৰ নিদিয়া বুলি সন্হাই উল্লেখ এনে কাণ্ডক সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সিদ্ধাৰ্থ পাঠকে দিয়া এক বিবৃত্তিৰ যোগেদি প্ৰশাসনৰ নিৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে এই সন্দৰ্ভত লখিমপুৰ জিলা ছাত্ৰ সন্থা, তেলাহী কমলাবৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, হাৰমতী আঞ্চলিক ছাত্র সন্থাই উক্ত বিষয়টোত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তদন্তৰ দাবী জনাইছে।

Post a Comment

0 Comments