TOP NEWS

6/recent/ticker-posts

Header Ads Widget

উত্তৰ লখিমপুৰত অৰুণোদয় আঁচনিৰ পৰ্যবেক্ষণ-পৰিক্ষণ দলৰ প্ৰশিক্ষণ সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ৬ আগষ্ট: অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া 'অৰুণোদয় মাহ' উপলক্ষে আজি উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ জৰীপৰ বাবে পৰ্যবেক্ষণ আৰু পৰীক্ষণ দলৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱাাই আঁত ধৰা অনুষ্ঠানত তেওঁ দিয়া ভাষণত কয় যে অসমৰ ২০ লাখ দৰিদ্ৰ মহিলাক উপকৃত কৰাৰ উদ্দেশ্যে ২০২০ চনৰ বাজেটত অৰুণোদয় আঁচনি গ্ৰহণ কৰা হৈছিল । মহিলাসকলৰ পৰিপুষ্টি সুনিশ্চিত কৰি আৰ্থিকভাৱে তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ বাবে এই আঁচনিখনক ভেঁটি হিচাপে গ্ৰহণ কৰা হৈছিল । তেওঁ কয় যে দেশৰ ভিতৰতে সৰ্ববৃহৎ মহিলা সবলীকৰণ আঁচনি অৰুণোদয় ৰূপায়ন হোৱা তিনিবছৰ পাৰ হ'ল, সেয়ে চৰকাৰে তিনি বছৰত কোনো লোকৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আঁচনিখনৰ নবীকৰণৰ প্ৰয়োজন অনুভৱ কৰিছে । যোগ্য লোকসকলে এই আঁচনিৰ সুবিধাৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে অযোগ্য লোকসকলক স্বেচ্ছাই এই সুবিধা ত্যাগ কৰিবলৈ তেওঁ আহ্বান জনায় কয় যে এই পৰীক্ষণ ব্যৱস্থাৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীৰ বাসগৃহত গৈ পৰীক্ষা কৰা হ'ব । ইয়াত জড়িত হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় যে এই কাৰ্যসূচী তেওঁলোকৰ বাবে এটা ডাঙৰ অভিজ্ঞতা হ'ব আৰু সমাজৰ প্ৰতি শিক্ষাৰ্থীসকলৰ ই এক দায়বদ্ধতা । পৰীক্ষা কৰিবলৈ যাওঁতে পৰিয়ালটোৰ সৈতে যোগাত্মক মনোভাবেৰে ভাল আচৰণ কৰিবলৈও তেওঁ পৰীক্ষণ দলসমূহৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে চৰকাৰে সামাজিক সুৰক্ষা আঁচনিসমূহৰ বাবে ব্যয় কৰা প্ৰতিটো টকাৰ সদব্যৱহাৰ হ'ব লাগিব । তেতিয়াহে এই আঁচনিসমূহৰ ৰূপায়ন সফল হ'ব বুলি তেওঁ কয় । অনুষ্ঠানত ভাষণ দি উপায়ুক্ত সুমিত সত্তাৱানে কয় যে এই পৰীক্ষণ নিৰপেক্ষ হ'ব লাগিব । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পৰীক্ষণ প্ৰক্ৰিয়া এটা ডাঙৰ শিক্ষা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত বিশ্বাস ৰাখিছে । চিৰাচৰিত শিক্ষা ব্যৱস্থাৰ বাহিৰত শিক্ষা গ্ৰহণৰ ই এক মাধ্যম হ'ব বুলি তেওঁ উল্লেখ কৰে । ইয়াক শৈক্ষিক কাৰ্যসূচীৰে অন্যতম বুলি ধৰি লৈ আগবাঢ়িবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় । ইয়াৰদ্বাৰা লাভ কৰিবলগীয়া ন্যূনতম বৰঙণিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মনত আত্মনিৰ্ভৰ হোৱাৰ এটা মানসিকতাৰো জন্ম হ'ব বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত মাষ্টাৰ ট্ৰেইনাৰ মৃদুল বৰগোঁহাই, ৰাতুল নেওগ,, সাহিদুল আহমেদ,ৰূপম গগৈ আদিয়ে নিজৰ নিজৰ বক্তব্য আগবঢ়ায় । উল্লেখযোগ্য যে, লখিমপুৰ জিলাত মুঠ পৰ্যবেক্ষক ৯৭ জন আৰু ছাত্ৰ-ছাত্ৰী ৫২৮ জন অৰুণোদয় পৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে । আজিৰ অনুষ্ঠানত লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, মাষ্টাৰ ট্ৰেইনাৰসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল ।

Post a Comment

0 Comments