TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ওদালগুৰি-ভৈৰৱকুণ্ড পথত ধনশিৰি নৈৰ ওপৰত দলং নিৰ্মাণৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে

ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৩০ আগষ্ট : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ২০২১-২২ চনৰ বাবে উত্তৰ-পূব পথ খণ্ড উন্নয়ন আঁচনিৰ অধীনত ওদালগুৰি-ভৈৰৱকুণ্ড পথত ধনশিৰি নৈৰ ওপৰত ১৭যৰ দলঙৰ নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভণি কৰে৷ উল্লেখ্য যে ৩২০ মিটাৰ দৈৰ্ঘ্য্যৰ ৩৩.৪২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখন নিৰ্ধাৰিত সময়সীমা ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে কেৱল ওদালগুৰি জিলাৰে নহয়, অৰুণাচল আৰু অসমৰ মাজত আন্তঃৰাজ্যিক যোগাযোগৰ দিশত নতুন অধ্যায়ৰ সূচনা হ’ব৷ ইয়ে বি টি আৰ চুক্তি ৰূপায়ণৰ দিশত সফলতাৰে অগ্ৰসৰ হোৱাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নত প্ৰভুত বৰঙনি যোগাবলৈও সক্ষম হ’ব৷ তেওঁ লগতে কয় যে অৰুণাচলৰ ৱেষ্ট কামেং জিলাৰ পৰা ৰূপা হৈ ভৈৰৱকুণ্ডৰ মাজেৰে অসমলৈ অহাৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান হ্ৰাস হোৱাৰ লগতে দূৰত্বও হ্ৰাস পাব৷ এই পথটো নিৰ্মাণ হৈ উঠিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলী হিচাপে স্বীকৃতিপ্ৰাপ্ত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ যোগাযোগৰ দিশত এক নতুন মাত্ৰা সংযোজন হ’ব৷ ইয়াৰ ফলত পৰ্যটকসকলো উপকৃত হ’ব পাৰিব৷ তেওঁ লগতে কয় যে ভৈৰৱকুণ্ডৰ লগতে ৰাজ্যৰ পৰ্যটন খণ্ডৰ বিকাশ সাধন হোৱাৰ উপৰি অঞ্চলটোৰ স্থানীয় যুৱক-যুৱতীসকলে নিয়োগৰো সুবিধা লাভ কৰিব৷ ৰাজ্যখনত পথ যোগাযোগ ব্যৱস্থা শক্তিশালীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বি টি আৰৰ পথ, দলং নিৰ্মাণৰ বাবে ইতিমধ্যে ৫০০ কোটি টকা অনুমোদন জনাই ‘গুড উইল প্ৰকল্প’ৰ কাম হাতত লোৱাৰ লগতে সমগ্ৰ ৰাজ্যখনত মুখ্যমন্ত্ৰী পথ আঁচনি, মুখ্যমন্ত্ৰী উন্নত পথ আঁচনি, মুখ্যমন্ত্ৰী নবীকৰণ আঁচনি আৰু মুখ্যমন্ত্ৰী মথাউৰি আঁচনি শুভাৰম্ভ কৰাৰ দিশত যথোচিত পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ই অতিশীঘ্ৰে বাস্তৱায়িত হৈ উঠিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটোলৈ ৰাজ্য চৰকাৰে কৃষকৰ পৰা ৰ, ৯৪০ টকা দৰত প্ত লাখ মেট্ৰিকটন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছে৷ অহা বছৰৰ পৰা ইয়াৰ মূল্য ২, ০০০ টকাৰ ওপৰত নিৰ্ধাৰণ কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অহা ৰ তাৰিখৰ পৰা চাহ বাগিচাৰ৷ মিকসকলৰ দৰমহা বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ নতুনকৈ ২ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ছেপ্টেম্বৰ মাহত প্তটা বেটেলিয়ন কামাণ্ডো বাহিনী গঠনৰ লগতে আৰু ১০ হাজাৰ চাকৰি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে৷ তেওঁ কয় যে ৰাজ্যখনক সৰ্বদিশতে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে৷ আজিৰ এই অনুষ্ঠানত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক গণেশ লিম্বু, উত্তৰ-পূব পৰিষদ [টি এণ্ড চি]ৰ উপদেষ্টা নবীন কুমাৰ, লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু অন্যান্য গণ্যমাণ্য ব্যক্তিসকল উপস্থিত থাকে৷

Post a Comment

0 Comments