TOP NEWS

6/recent/ticker-posts

Header Ads Widget

নাজিৰাৰ মেকীপুৰত তিনি বছৰীয়া শিশুক যৌন নিৰ্যাটন : লম্পট গ্ৰেপ্তাৰ

ষ্টাফ ৰিপৰ্টাৰ, নাজিৰা , 30 আগষ্টঃ নাজিৰা মহকুমাৰ মেকীপুৰ চাহ বাগিচাৰ খাপৰা লাইনত তিনি বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাটন চলাই ৰঙাঘৰৰ আলহী হ'ল ৫২ লম্পট । ঘটনা মৰ্মে , কালি বিয়লি প্ৰায় ১ বজাত মেকীপুৰ চাহ বাগিচাৰ খাপৰা লাইনৰ হৰি লোহাৰ ( ৫২ ) নামৰ লম্পট এটাই স্থানীয় এঘৰত পিতৃ - মাতৃ তথা ঘৰত কোনো নথকাৰ সুযোগ লৈ তিনি বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাটন চলায়। কন্যা শিশু গৰাকীয়ে ভয়খাই চিঞৰ - বাখৰ কৰাত কাষতে থকা বুঢ়ী মাকে ততাতৈয়াকৈ আহি শিশুটিক উদ্ধাৰ কৰে । সন্ধিয়া ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে লম্পট হৰি লোহাৰক স্থানীয় ৰাইজে ধৰি উত্তম - মাধ্যম সুধাই আৰক্ষীক খবৰ দিয়ে । লগে লগে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসে আৰক্ষীৰ দললৈ ঘটনাস্থলীত উপস্থিত হয় আৰু শিশুক যৌন নিৰ্যাটনকাৰী হৰি লোহাৰক গ্ৰেপ্তাৰ কৰে । আজি নাজিৰা আদৰ্শ আৰক্ষী থানাত ৭১ / ২০২২নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই আৰু অধিক তদন্তৰ বাবে লম্পট হৰি লোহাৰক তিনিদিনৰ বাবে আৰক্ষী জিম্মাত লয় ।ঘটনাৰ সন্দৰ্ভত নাজিৰাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Post a Comment

0 Comments