TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ৰংমহল কৰৰাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, ২৩ আগষ্ট: ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত ১৫ হাজাৰ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ-গুৱাহাটীৰ ৰংমহলত এটি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে৷ শিশুসকলৰ বৌদ্ধিক, শাৰীৰিক, আৱেগিক আৰু শৈক্ষিক বিকাশৰ বাবে চন্দ্ৰপুৰ কৰৰা সংহত শিশু বিকাশ আঁচনিৰ অধীনত ৰংহমলৰ আঠগাঁৱত ২৫ লাখ টকা ব্যয় সাপেক্ষে এই অংগনৱাড়ী কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্যখনত ১৫ হাজাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই যোৱা ১৪ আগষ্টত পলাশবাৰীত আয়োজিত এক কেন্দ্ৰীয় অনুষ্ঠানত প্ৰায় ৰ হাজাৰটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে আজি ৰংমহল উচ্ছ মাধ্যমিক বিদ্যালয়লৈ গৈ বিদ্যালয়খনত নতুনকৈ নিৰ্মীয়মান ভৱনৰ কামো পৰিদৰ্শন কৰে৷ মুখ্যমন্ত্ৰীয়ে নতুন শৈক্ষিক বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে উন্নত মানদণ্ডৰে কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট নিৰ্মাণকাৰী সংস্থাক নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে এই গৃহটো নিৰ্মাণ হৈ উঠিলে বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উন্নত মানদণ্ডৰ শ্ৰেণীকোঠাত বহি শিক্ষা গ্ৰহণ কৰিব পাৰিব৷
মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিদৰ্শন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ কুশল-মংগল কামনা কৰি পূজা আগবঢ়ায়৷ তেওঁ দক্ষিণা কালী মহাযজ্ঞ উপলক্ষে প্ৰস্তুত কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থও দেৱালয় প্ৰাংগণত উন্মোচন কৰে৷ মুখ্যমন্ত্ৰীয়ে দেৱালয়খনৰ ভোগঘৰৰ বাবে ৫০ লাখ টকাৰ অনুদানৰ কথাও ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ এই ভ্ৰমণকালত উত্তৰ গুৱাহাটী নিবাসী অৱসৰপ্ৰাপ্ত পশু চিকিৎসক তথা সমাজকৰ্মী প্ৰয়াত প্ৰফুল্ল বুঢ়াগোঁহাইৰ বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত-বিনিময় কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ মৃত্যু সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি৷ মুখ্যমন্ত্ৰীয়ে অলপতে পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সমাজকৰ্মী ৰজত ডেকাৰ গৃহলৈ গৈয়ো শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে মত-বিনিময় কৰাৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰে৷

Post a Comment

0 Comments