TOP NEWS

6/recent/ticker-posts

Header Ads Widget

সুউচ্চ স্থানত জাতীয় পতাকা লগাই চৰ্চাত নাজিৰাৰ গনেশ বৰুৱা

দিলীপ হাজৰিকা, নাজিৰা ১৪ আগষ্ট: নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয় গনেশ বৰুৱাই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দাঙি ধৰিলে সুন্দৰ নিৰ্দশন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা, ত্ৰিৰংগা যাত্ৰা, মটৰ চাইকেল ৰেলী, প্ৰভাত ফেৰীকে আদি বিভিন্ন অনুষ্ঠান। স্বাধীনতা দিৱসক আদৰিবলৈ গণেশ বৰুৱাই এইদৰে সুউচ্চ এটা পানীৰ টেংকীত জিলিকাই তুলিলে এই জাতীয় পতাকা। দেশ, জাতিক ভাল পোৱাৰ মন আগত লৈ নিজৰ জীৱনটোলৈ ভয় নকৰি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সুউচ্চ ১৪০ ফুটৰ পানীৰ টেংকিৰ ওপৰত জিলিকাই তুলিলে ভাৰতবৰ্ষৰ স্বাভিমানৰ প্ৰতীক তিনিবৰণীয়া জাতীয় পতাকা। গণেশ বৰুৱাৰ এনে কাৰ্যই সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।

Post a Comment

0 Comments