TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ৰিক'ভাৰি ফাউণ্ডেচনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

দিলীপ হাজৰিকা, নাজিৰা ১৮ আগষ্ট : নাজিৰাৰ বৰতলাত উদীয়মান যুৱক তুহিন হাজৰিকাৰ লগতে কেইবাজনো যুৱকৰ প্ৰচেষ্টাত ২০২১ গঢ়ি উঠা নিচা মুক্ত কেন্দ্ৰৰ ৰিক'ভাৰী ফাউণ্ডেচনে আজি এবছৰ সম্পূৰ্ণ কৰিলে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিচাসক্ত যুৱক তথা ব্যক্তিক কিদৰে সুপথলৈ আনি সু নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি তাৰবাবে আপ্ৰাণ প্ৰচেষ্টা চলাইছে নাজিৰাৰ ৰিক'ভাৰি ফাউণ্ডেচনে।আজি প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত অসম ৰাজ্যিক নিচাযুক্ত আৰু নিষেধাজ্ঞা আয়োগৰ উপাধ্যক্ষ জিতু বৰগোঁহাই আৰু সংবাদসেৱী তথ নাজিৰা মহকুমা অনুসূচীত জাতি উন্নয়ন ৱৰ্ডৰ প্ৰাক্তন সভাপতি দিলীপ হাজৰিকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা বৰ্ষপূৰ্তি অনুষ্ঠানত আবাসী সকলৰ লগত মত বিনিময় কৰাৰ লগতে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই নিচাসক্ত সকলক নিচামুক্ত কৰি সমাজখনক কেনেদৰে ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰে । অনুষ্ঠানত অসম ৰাজ্যিক নিচাযুক্ত নিষেধাজ্ঞা আয়োগৰ উপাধ্যক্ষ জিতু বৰগোহাই, কাউঞ্চিলাৰ মাধুৰী বড়া, অসম জাতিয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি মহন্ত, অনুসূচীত জাতি যুৱ - ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিদ্যুৎ দাস, সাধাৰণ সম্পাদক মৃদুল দাস, অসম যুৱ পৰিষদৰ উপ সভাপতি সুশান্ত তত্ত, জ্যোতিষ ফুকন, আইফলং গগৈ, অৰুণ কোৱৰ আদিকে ধৰি ভালে কেইজনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰিক'ভাৰী ফাউণ্ডেচনৰ আবাসী সকলৰ সৈতে মত বিনিময় কৰে আৰু নিচামুক্ত কেন্দ্ৰটো পৰিদৰ্শন কৰে বিভিন্ন দিশ আলোচনা কৰে ।

Post a Comment

0 Comments