ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১৩ আগষ্ট: প্ৰয়াত দণ্ডিদত্ত লহকৰৰ ১৯৭৩ চনতে প্ৰকাশ পোৱা "মোকৰ্দ্দমাৰ তদন্ত" শীৰ্ষক গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণৰ আজি শুভ উদ্বোধন হয় গুৱাহাটী প্ৰেছ ক্লাৱত। প্ৰায় ৫০ বছৰ পূৰ্বে প্ৰকাশিত গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণটি উন্মোচন কৰি অসমৰ আগশাৰীৰ আলোচনী "প্ৰান্তিক"ৰ মুখ্য সম্পাদক তথা প্ৰকাশক প্ৰদীপ বৰুৱাদেৱে কয় যে এনে গ্ৰন্থ বৰ্তমান আমাৰ সমাজৰ বাবে অতি প্ৰয়োজন। যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত এডিজিপি দিলীপ বৰা আৰু জইন কমিচনাৰ অৱ পুলিচ পাৰ্থ সাৰথী মহন্তদেৱে ভাষণ আগবঢ়ায়। দ্যা নিউজ প্লাছ আৰু দুৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ ঘোষিকা সংগীতা তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বীৰঝৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা কবি, গীতিকাৰ ড০ দীনেশ চন্দ্ৰ ডেকাদেৱে সাৰুৱা ভাষণ আগবঢ়ায়। উল্লেখ্য যে এই অনুষ্ঠানতে লেখক দণ্ডীদত্ত লহকৰৰ পুত্ৰ বিমল চন্দ্ৰ লহকৰ আৰু শংকৰদত্ত লহকৰে তেওঁলোকৰ মনৰ কথা প্ৰকাশ কৰে। অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত দণ্ডীদত্ত লহকৰদেৱৰ সোঁৱৰণত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে প্ৰান্তিক আলোচনীৰ মুখ্য সম্পাদক তথা অনুষ্ঠানটিত উপস্থিত থকা নিমন্ত্ৰিত অতিথিসকলে। একেটা অনুষ্ঠানতে লেখিকা মনালিছা পাঠক আৰু প্ৰকাশক হেমেন নাথে নিজৰ মন্তব্য আগবঢ়ায়।
0 Comments