TOP NEWS

6/recent/ticker-posts

Header Ads Widget

চিলাপথাৰত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ দাবীত শিক্ষক কৰ্মচাৰীৰ প্ৰাৰ্থনা

ষ্টাফ ৰিপ'ৰ্টাৰ, ধেমাজি, ১২ আগষ্টঃ ধেমাজিৰ চিলাপথাৰত আজি পাঁচ শতাধিক ভেঞ্চাৰ শিক্ষানুষ্ঠান শিক্ষক কৰ্মচাৰী প্ৰখৰ ৰ'দৰ মাজত সমবেত হৈ বিগত ৩০-৪০ বছৰে পেটত গামোচা বান্ধি ভেঞ্চাৰ স্কুলত কৰ্তব্য অব্যাহত ৰখা শিক্ষক কৰ্মচাৰীয়ে প্ৰাদেশিকীকৰণ বন্ধৰ বিষয়টো পুনৰ বিবেচনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতি প্ৰাৰ্থনা জনালে। উল্লেখ্য যে চিলাপথাৰ চিলাগাওঁস্থিত অৰুণোদয় জনজাতি হাইস্কুলত ধেমাজি জিলা অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ৰাজকুমাৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দিপক দেৱনাথে। সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু পৰিচয় পৰ্বৰ পিছতে বিগত সময়চোৱাত অকালতে ইহলীলা সম্বৰণ কৰা বিভিন্ন প্ৰান্তৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীৰ আত্মাৰ মুক্তিৰ কামণা কৰি মৌন ব্ৰত পালন কৰে। ধেমাজি জিলাৰ বিভিন্ন কলেজৰ পৰা প্ৰাথমিক বিদ্যালয়লৈকে কেইবাশ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি ৰাজু কুলিয়ে অসম চৰকাৰে বিদ্যালয় চৰকাৰীকৰণৰ নামত চৰম পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰিলে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২,৬৫৯ খন স্কুল-কলেজত ২৩,৯১০ জন শিক্ষক কৰ্মচাৰীয়ে দশক দশক ধৰি বিনা বিতনে কৰ্তব্য কৰি আহিছে। প্ৰতিষ্ঠাৰ বৰ্ষই ৰুপালী সোণালী বৰ্ষ অতিক্ৰম কৰা সৰহভাগ অনুষ্ঠানৰ সকলো প্ৰয়োজনীয় নথি পত্ৰ থকাৰ পিছতো আইনাৰ দোহাই দি চৰকাৰী কৰণৰ পৰা বঞ্চিত কৰিলে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ত্ৰিশ-চল্লিশ বছৰ ধৰি অশেষ দুখ কষ্টৰ মাজেৰে মানৱ সম্পদ গঢ়াত ব্ৰতি শিক্ষক কৰ্মচাৰী সকলক এখন ২০১৭-১৮ চনত প্ৰণয়ন কৰা আইনযোগে বঞ্চিত কৰি চিৰকালৰ বাবে কৰ্মচাৰী সকলৰ ভৱিষ্যতৰ সম্ভাৱনাত গজাল মাৰিছে। পিছে আমি আৰু হাও সাবতি বহি নাথাকো। অচিৰেই ৰাজপথত ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য কৰি সকলোকে সহযোগ কৰাবলৈ ৰাইজক আহ্বান জনায়। একেদৰে সংস্থাৰ অক্লান্ত কৰ্মী দিপ্তী শইকীয়াই প্ৰতিষ্ঠাৰ দিনধৰি অৰ্ধহাৰে অনাহাৰে কৰ্তব্যত নিয়োজিত শিক্ষক কৰ্মচাৰীক ২০১৭-১৮ চনত প্ৰণয়ন কৰা বিধংসী আইনে সকলোৰে সপোন ধূলিস্যাত কৰিলে বুলি মন্তব্য কৰে। ৩০ - ৪০ পূৰ্বে স্থাপিত বিদ্যালয় অ'ট বছৰৰ পিছত আইন প্ৰণয়ন কৰিলে। লগতে বিভাগীয় মন্ত্ৰীয়ে বিদ্যালয় আৰু চৰকাৰী নহয় বুলি কৰ্তব্যৰত লোকক টেটু চেপি মৰাৰ ষড়যন্ত্ৰ কৰিলে বুলি মন্তব্য কৰি কল্যাণকামী আখ্যা দিয়া চৰকাৰখনে আইন সংশোধন কৰি হলেও বিদ্যালয় চৰকাৰী কৰণৰ ব্যৱহা কৰাৰ দাবী জনায়। সভাত ডিম্বৰাম মৰাং,ভদ্ৰেশ্বৰ কুলি, সুনিল দলে, অতুল চন্দ্ৰ মহন্ত আদিয়ে ভেঞ্চাৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সভাই মধুৰাম টায়েঙক সভাপতি আৰু সুনিল দলেক সম্পাদক হিচাপে লৈ এখন শক্তিশালী ধেমাজি জিলা অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থা গঠন কৰে। সভাই ২০০৬ ছনৰ পহিলা জানুৱাৰীৰ পূৰ্বে স্থাপিত আৰু স্বীকৃতি প্ৰাপ্ত বিদ্যালয়ক চৰকাৰীকৰণ কৰা,২০২০ চন পৰ্যন্ত ইউ ডাইচ'ত নাম অন্তৰ্ভুক্ত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা,সদ্য প্ৰাদেশীকৃত স্কুলত হিন্দী শিক্ষকৰ পদত প্ৰাদেশিকীকৰণ কৰা,উচ্চত্তৰ মাধ্যমিক প্ৰথম বৰ্ষ কনকাৰেন্স থকা হায়াৰ ছেকেণ্ডাৰী স্কুল চৰকাৰী কৰক,ঐচ্ছিক বিষয় সমূহৰ ক্ষেত্ৰত ১০ জন শিক্ষাৰ্থীৰ বিপৰীতে পদ প্ৰাদেশিকীকৰণ কৰক আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কাৰ্যকৰীৰ দাবী জনায়। লগতে অচিৰেই প্ৰাদেশিকীকৰণৰ দাবীত জংগী আন্দোলন আৰম্ভ কৰাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে।

Post a Comment

0 Comments