TOP NEWS

6/recent/ticker-posts

Header Ads Widget

শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্রৰ চেফটি লাইফ কিট মুকলি

ষ্টাফ ৰিপৰ্টাৰ, উত্তৰ লখিমপুৰ, ১১ আগষ্ট: লখিমপুৰ জিলাৰ ধলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত পৰিয়াল পৰিকল্পনা, অবাঞ্জিত গৰ্ভধাৰণ হ্ৰাস তথা নিৰাপদ মাতৃত্বৰ প্ৰসাৰৰ বাবে বিশেষ নিৰাপদ জীৱন কিট ( Safe Life Kit) আৰম্ভ কৰা হয় । উল্লেখ্য যে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্র অসমৰ ভিতৰতে প্ৰথম । স্বাস্থ্য ও কল্যাণ কেন্দ্ৰৰ জনস্বাস্থ্য বিষয়া বিজিত দেউৰীয়ে এই সম্পৰ্কে মন্তব্য কৰি কয় - "এই পদক্ষেপে সকলো যোগ্য দম্পতীক সুৰক্ষিত গৰ্ভধাৰণৰ বাবে আৰু তেওঁলোকৰ বিচৰা জন্মসমূহ আনিবলৈ প্ৰেৰণা যোগাব। কিটটোত কিছুমান প্ৰাথমিক জন্ম নিয়ন্ত্ৰণ ঔষধ আছে যিয়ে গৰ্ভাৱস্থাৰ মাজত ব্যৱধান বজাই ৰখাত সহায় কৰিব। এই সকলোবোৰে পৰিয়াল পৰিকল্পনা সম্পৰ্কত সজাগতা সৃষ্টি কৰিব । সুনিৰ্দিষ্ট পৰিয়াল পৰিকল্পনাৰ জৰিয়তে আমি প্ৰসূতি মাতৃৰ সুৰক্ষিত ৰাখি, প্ৰসূতি মৃত্যৰ হাৰ কমাব পাৰোঁ লগতে শিশুকো সুৰক্ষিত ৰাখিব পাৰোঁ। তদুপৰি ইয়াৰ জৰিয়তে যৌন সংক্ৰমণ ৰোগ সমূহৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায় ।" জিলাখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক চৈতন্য বৰাই কয় যে যোৱা বিশ্ব জনসংখ্যা দিৱস ২০২২ উপলক্ষে ২৭ জুন তাৰিখৰ পৰা ১০ জুলাই তাৰিখলৈ দম্পত্তি সম্পৰ্ক পষেক আৰু ১১ জুলাইৰ পৰা ২৪ জুলাইলৈ জনসংখ্যা স্থবিৰতা পষেক পালন কৰা হল । দম্পত্তি সম্পৰ্ক পষেকৰ অধীনত যোগ্য দম্পত্তি সমূহক স্বাস্থ্যখণ্ডত তালিকাভুক্ত কৰা হয় তদুপৰি স্বাস্থ্যকেন্দ্ৰ সমূহত শাহু বোৱাৰী সন্মিলন অনুষ্ঠিত কৰি পৰিয়াল পৰিকল্পনা ওপৰত যেনে জন্ম নিয়ন্ত্ৰণ পদ্ধতি, সন্তান জন্মৰ ক্ষেত্ৰত সময়ৰ ব্যৱধান, দুটা সন্তান জন্মৰ পিছত স্থায়ী পদ্ধতিৰ অবলম্ভন আদি সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় । জনসংখ্যা স্থবিৰতা পষেকৰ অধীনত স্বাস্থ্য কেন্দ্ৰত উপলব্ধ অস্থায়ী জন্মনিয়ন্ত্ৰণ পদ্ধতি সমূহ স্বাস্থ্যকৰ্মীৰ জৰিয়তে সমাজত উপলব্ধ কৰোৱা, দীৰ্ঘদিনীয়া জন্মনিয়ন্ত্ৰক পদ্ধতি যেনে আই.ইউ. চি.ডি , অন্তৰা গৰ্ভনিৰোধক বেজী আদিৰ প্ৰচাৰ আৰু প্ৰদান কার্যসূচী , স্থায়ী জন্ম নিয়ন্ত্ৰক পদ্ধতিসমূহ যেনে প্ৰচাৰ কৰাৰ লগতে জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ সমূহত শিবিৰ অনুষ্ঠিত কৰা হৈছে আৰু আগন্তুক দিনত এয়া অব্যাহত থাকিব । জিলাখনৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ জগদীশ গোস্বামীয়ে শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ এই পদক্ষেপক প্ৰশংসা কৰি অন্য সকলকো এনেধৰণৰ পদক্ষেপ লবলৈ আহ্বান জনায় ।

Post a Comment

0 Comments