TOP NEWS

6/recent/ticker-posts

Header Ads Widget

অসমবাসীৰ মাজত তৰুণৰাম ফুকনে স্বাধীনতা আন্দোলনৰ চেতনা জাগ্ৰত কৰিছিল: মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ'ৰ্টাৰ,গুৱাহাটী, ২৮ জুলাই: ‘‘দেশপ্ৰেমৰ জ্বলন্ত আদৰ্শ আৰু অনুপ্ৰেৰণাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিপিবদ্ধ কৰা মহান সংগ্ৰামী সকলৰ অন্যতম হৈছে দেশভক্ত তৰুণৰাম ফুকন৷ মহাত্মা গান্ধীৰ নেতৃত্বৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰি স্বাধীনতা আন্দোলনক নেতৃত্ব দিয়া আত্মত্যাগী, ব্যক্তিত্ববান, দেশপ্ৰাণ পুৰুষসকলৰ মাজত ভোটাতৰাৰ দৰে দেশভক্ত তৰুণৰাম ফুকনৰ নাম জিলিকি আছে৷ ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’, এই অমৰ বাণীৰে অসমবাসীৰ মাজত তৰুণৰাম ফুকনে স্বাধীনতা আন্দোলনৰ চেতনা জাগ্ৰত কৰিছিল৷ ’’ আজি তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত মহানগৰীৰ ভৰলুমুখস্থিত দেশভক্ত তৰুণৰাম ফুকন উদ্যানত আয়োজিত দেশভক্তি দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অতি নিষ্ঠাৱান মানৱপ্ৰেমী হিচাপে তৰুণৰাম ফুকনে সমাজৰ আটাইতকৈ অৱহেলিত আৰু ঘৃণিত দুৰ্ভগীয়াসকলৰ সেৱাত আত্মনিয়োগ কৰিছিল৷ অসাধাৰণ ব্যক্তিত্ব সম্পন্ন দেশভক্ত ফুকন সঁচাকৈয়ে এজন সিংহপুৰুষ আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত যি অৰিহণা আগবঢ়াই গ’ল সেয়া সকলোৱে সদায়ে শ্ৰদ্ধাৰে স্মৰণ কৰি থাকিব৷ স্বদেশপ্ৰেম তথা সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে বিগত বৰ্ষৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে এইগৰাকী মহান জননেতাৰ মৃত্যুৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে৷ দেশভক্ত তৰুণ ৰাম ফুকনৰ দৰে ভাৰতমাতৃৰ সেৱাত সৰ্বস্ব উজাৰি দিয়া স্বাধীনতা সংগ্ৰামী আৰু বীৰ শ্বহীদসকলৰ আদৰ্শ যাতে নৱ প্ৰজন্মই অনুসৰণ কৰি নিজকে দেশৰ সেৱাত আত্মনিয়োগ কৰিবলৈ অনুপ্ৰাণিত হয়, সেই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে দেশভক্তি দিৱস পালন কৰিবলৈ সিদ্ধান্ত লৈছিল৷ আমাৰ দেশে স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ তম বৰ্ষ উদ্‌যাপন কৰিছে৷ আজাদী কা অমৃত মহোৎসৱৰ এই স্বৰ্ণিল বৰ্ষই দেশমাতৃৰ হকে আত্মবলিদান কৰা বীৰসকলৰ স্মৃতি অধিক সজীৱ কৰি তুলিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ, সুবক্তা, পাকৈত চিকাৰী আৰু এগৰাকী কৃতি সাহিত্যিক হিচাপে পৰিচিত তৰুণৰাম ফুকনে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু চন্দ্ৰনাথ শৰ্মাৰ সহযোগত অসমক সৰ্বভাৰতীয় ৰাজনৈতিক সংগ্ৰামৰ লগত পৰিপূৰ্ণভাৱে সংযুক্ত কৰি একেলগে আগুৱাই নিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে তৰুণৰাম ফুকনে সমসাময়িক সমাজলৈ আগবঢ়োৱা অৱদানৰ লগতে ভৱিষ্যৎ সমাজ আৰু উত্তৰ সাধকসকললৈ কি থৈ গ’ল, সেই সম্পৰ্কে বিশ্লেষণ কৰিলে অসমত স্বাধীনতা আন্দোলনৰ চেতনা জাগ্ৰত কৰাত তেওঁ লোৱা ভূমিকা নিসন্দেহে উল্লেখযোগ্য৷ অসম ভ্ৰমণকালত মহাত্মা গান্ধী ৰাজ্যৰ কেইবাঠাইলৈকে যোৱাৰ সময়ত দেশভক্ত ফুকন তেখেতৰ সহযাত্ৰী আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী স্বাধীনতা সেনানীয়ে এই আন্দোলনৰ সফলতাৰ কাৰণে অসমৰ প্ৰত্যেক জিলাৰ গাঁৱে-ভূঞেলৈকে ভ্ৰমণ কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে ফুকনে স্বৰাজ নীতিত বিশ্বাস কৰিছিল আৰু এই নীতি আকোঁৱালি জাতিক তেওঁ উদ্ধাৰৰ চেষ্টা কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়াৰ মনোবৃত্তি পৰিৱৰ্তন সাধন কৰাৰ বাবে তেওঁ সদায়ে প্ৰয়াস চলাইছিল৷ অসমীয়াৰ মনত নিৰাশাৰ পৰিৱৰ্তে আশা আৰু কৰ্মহীনতাৰ ঠাইত কৰ্মপ্ৰাণতাৰ প্ৰেৰণা সঞ্চাৰ কৰাৰ বাবেও তেওঁ কাম কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তৰুণৰাম ফুকনে দেশৰ প্ৰতি যি অৱদান দি গৈছে, সেয়া অতুলনীয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতা আন্দোলনৰ যুগৰ তেওঁ আছিল এজন শ্ৰেষ্ঠ জননায়ক৷ দেশভক্ত ফুকনৰ জীৱন এগৰাকী সাধকৰ আত্মত্যাগৰ জীৱন, সুখ বা দুখ একোৱেই তেখেতৰ আদৰ্শ আৰু সংকল্পক টলাব নোৱাৰিছিল৷ এই মন্তব্য কৰি ড॰ শৰ্মাই কয় যে তেওঁৰ হৃদয় আছিল হিমালয়ৰ দৰে বিশাল আৰু গম্ভীৰ৷ কঠোৰ শ্ৰম, জ্বলন্ত দেশপ্ৰেম আৰু অতুলনীয় কৰ্মদক্ষতাৰ বাবে ভাৰতৰ বিশিষ্ট নেতাসকলৰ সমকক্ষ হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল৷ মুখ্যমন্ত্ৰীয়ে দেশভক্ত ফুকনৰ দূৰদৰ্শিতা, জাতিপ্ৰেম আৰু দেশপ্ৰেমক হৃদয়ংগম কৰি অসমৰ জাতীয় জীৱন সমৃদ্ধিশালী কৰিবলৈ সকলোকে আহ৩ান জনায়৷
স্বাধীনতাৰ যুঁজত দেশৰ হকে ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা তথা আত্মবলিদান দিয়া সংগ্ৰামীসকলৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অজসৃজনৰ অক্লান্ত সংগ্ৰাম আৰু ত্যাগৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল৷ দেশভক্তিৰ অম্লান স্ৰোত স্বাধীনতাৰ পিছতো অবিৰতভাৱে অসমবাসীৰ হৃদয়ত ফল্গুধাৰা হৈ বৈ আছে৷ তদুপৰি, ড॰ শৰ্মাই কয় যে দেশপ্ৰেমিক স্বাধীনতা সংগ্ৰামী আৰু বীৰ শ্বহীদৰ ত্যাগে ভাৰত মাতৃৰ সেৱাত অধিক সমৰ্পণৰ মনোভাৱেৰে সেৱা আগবঢ়াই যাবলৈ অনুপ্ৰাণিত কৰি আহিছে৷ এই সকলৰ ত্যাগক সন্মান জনাই ভাৰতমাতৃক বিশ্বৰ বুকুত গৰ্বিত কৰিবলৈ দেশভক্তি দিৱসে সংকল্পবদ্ধ হোৱাৰ সুযোগ দিছে বুলিও তেওঁ কয়৷ আজিৰ অনুষ্ঠানত তৰুণ ৰাম ফুকনৰ নাতি ডাঃ হেমেন্দ্ৰৰাম ফুকনে ভাষণ প্ৰদান কৰে৷ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা, গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা, তৰুণৰাম ফুকনৰ নাতি জীতেনৰাম ফুকন, নাতিনী ইন্দ্ৰানী বৰুৱা প্ৰমুখ্যে পৰিয়ালবৰ্গ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

Post a Comment

0 Comments